মহাকাশ অভিযানৰ পৰা পৃথিৱীলৈ উভতি আহিব পৰা নাই সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযাত্ৰী বেৰী বুছ উইলমো৷ তেওঁলোকক উভতাই অনাক লৈ বিভিন্ন সমস্যাই দেখা দিছে৷ ইয়াৰমাজতেই আহিছে ভয়ংকৰ খবৰ৷ ৰাছিয়াৰ এটা ছেটেলাইট ভাঙি পৰাৰ খবৰ দিছে নাছাই৷
ৰাছিয়াৰ মালিকানাধীন এটা ডিকমিছনড ছেটেলাইট স্পেছ ষ্টেছনৰ কাষতেই ভাঙি পৰিছে ১০০ টা টুকুৰা হৈ পৰা বুলি নাছাৰ তৰফৰ পৰা জনোৱা হৈছে৷ শুক্ৰবাৰে ঘটিছে এই বিশেষ ঘটনআ৷ ইয়াৰ ফলত আই এছ এছ মহাকাশচাৰী মাৰাত্মক বিপদৰ মুখত পৰিছে৷ ইউএছ স্পেছ কমাণ্ডে এই খবৰটো নিশ্চিত কৰিছে৷ ইয়াৰপাছতেই মহাকাশচাৰীসকলে দ্ৰুতভাৱে নিজৰ নিজৰ স্পেছ ষ্টেচনত আশ্ৰয় লৈছে বুলিও জনাইছে নাছাই৷
ৰিপৰ্ট অনুসৰি ভাঙি পৰা মহাকাশযানখনৰ নাম হৈছে ৰিচাৰ্ছ পি ১ ৰাছিয়ান আৰ্থ অৱজাৰভেছন ছেটেলাইট৷ বহু পূৰ্বৰে পৰাই এই ছেটেলাইটটোক লৈ বিপদৰ সন্মুখীন হৈ আছিল ৰাছিয়া৷ ইউ এছ স্পেছ কমাণ্ডে জনোৱা অনুসৰি প্ৰায় ১০০০ মেট্ৰিক টন তাপমাত্ৰাত পৃথিৱীৰ নিম্ন কক্ষপথত বিভক্ত হৈ ১০০ টাতকৈয়ো বেছি টুকুৰা হৈছে৷ এই ঘটনাৰ বাবে আন্তৰ্জাতিক মহাকাশ ষ্টেচনত থকা নভোশ্চৰসকলে জৰুৰীভাৱে নিজৰ নিজৰ মহাকাশ ষ্টেচনত আশ্ৰয় লৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ