অসম লাইভ ২৪ঃ ছেইফৰ সৰগসদৃশ ৮০০ কোটিটকীয়া ‘পাতৌডি পেলেচ।’
ছেইফ আলী খানৰ নতুন ৱেব ছিৰিজ ‘তাণ্ডৱ’ৰ মুক্তিৰ পিছতেই তীব্ৰ বিতর্কৰ সৃষ্টি হৈছে। চিৰিজখনৰ পৰিচালক, প্ৰযোজক, কলা-কুশলীসকলো বিতর্কত সোমাই পৰিছে। ৰাম আৰু শিৱক তাচ্ছিল্য কৰাৰ সেই বিশেষ দৃশ্যটো আঁতৰাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে আৰু তাৰ পাছতে শান্ত হৈছে পৰিস্থিতি। আৰু ইয়াৰ পাছতে ছেইফ আলী খানৰ অট্টালিকা ‘পাতৌডি পেলেচে’ দর্শকৰ দৃষ্টি কাঢ়িছে। এই পেলেচতেই ‘তাণ্ডৱ’ৰ বহু দৃশ্যগ্ৰহণ কৰা হৈছিল। প্ৰথমবাৰৰ বাবে ছেইফ আলী খানৰ অট্টালিকাৰ ভিতৰৰ দৃশ্য ৰূপালি পর্দাত দেখিবলৈ পাব দর্শকে। উল্লেখযোগ্য যে ভাৰতৰ সকলোতকৈ বিলাসবহুল অট্টালিকাসমূহৰ ভিতৰত অন্যতম এই ‘পাতৌডি পেলেচ’। প্ৰায় ১০ বিঘা ভূমিত নির্মিত এই অট্টালিকাত কোঠা আছে ১৫০টা। তাৰ মাজত আছে ৭টা ড্ৰেছিং ৰূম, ৭টা বেডৰূম, ৭ টা বিলিয়ার্ড ৰূম। ইয়াৰ উপৰিও আছে বিভিন্ন ধৰণৰ কামৰ বাবে বহু কোঠা। আছে চকু শাঁত পেলাব পৰা বাগিচা। মুকলি চোতাল, য’ত সেউজীয়া আৰু আকাশৰ নীলা মিলি এক নান্দনিক পৰিৱেশৰ সৃষ্টি হয়। ছেইফৰ এই ৰাজকীয় ভৱনলৈ প্ৰায়ে অৱসৰ বিনোদনৰ বাবে যায় কৰিণা কাপুৰ। হাৰিয়ানাত অৱস্থিত এই বিখ্যাত ‘পাতৌডি পেলেচ’। এই বিলাসী অট্টালিকাটোৰ বর্তমানৰ মূল্য প্ৰায় ৮০০ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ