বলীউডৰ অন্যতম গ্লেমাৰাছ আৰু চৰ্চিত দম্পতী ছাইফ আলী খান আৰু কৰীনা কাপুৰ খান। এই তাৰকা দম্পতীয়ে জীৱনৰ আন এক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। সফল বিবাহৰ ১৪ বছৰ উদযাপনৰ বাবে শেহতীয়াকৈ তেওঁলোকে জনপ্ৰিয় কমেডী শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’’ৰ চেটত অভিনয় কৰিছিল। তাতেই কপিলৰ ধেমেলীয়া আড্ডাত ছাইফে নিজেই প্ৰকাশ কৰিলে তেওঁৰ বেগমৰ এটা অদ্ভুত আৰু ধেমেলীয়া ৰাতিৰ অভ্যাসৰ কথা!
শেহতীয়াকৈ মুক্তি পোৱা শ্ব’টোৰ এটা প্ৰ’ম’ই বৰ্তমান ইণ্টাৰনেটত চৰ্চা লাভ কৰি আছে। যেতিয়া কপিল শৰ্মাই তেওঁলোকৰ ১৪ বছৰীয়া বিবাহ আৰু চিৰযৌৱনৰ ৰহস্য জানিব বিচাৰিছিল, তেতিয়া কৰীনাই প্ৰকাশ কৰিছিল যে ঘিউ তেওঁলোকৰ খাদ্যৰ প্ৰধান অংশ। তেতিয়া ছেইফে হাস্যৰসেৰে ক’লে, “তেওঁ কেৱল খাই ভাল পোৱাই নহয়, ৰাতি শুই থকা অৱস্থাতো ভৰিত ঘিউ ঘঁহি থাকে!” কৰীনাও কোনো সংকোচ নকৰাকৈ স্বীকাৰ কৰি কয় সৌন্দৰ্যৰ বাবে ই অতি উপকাৰী।
তাৰ পিছত ছেইফে এটা ধেমেলীয়া কাহিনী কয় যিটোৱে চেটত থকা সকলোকে হাঁহিবলৈ বাধ্য কৰালে। ছেইফে হাঁহি হাঁহি ক’লে, “কল্পনা কৰকচোন, এটা ডাঙৰ ৰোমান্টিক পৰিৱেশ, কিন্তু হোটেলৰ দৰে ৰন্ধা-বঢ়াৰ গোন্ধ আমাৰ শোৱা কোঠাৰ পৰা আহিছে!” ছেইফৰ হাস্যৰসময়ী অভিযোগত কৰীনাই হাঁহিটো ধৰি ৰাখিব নোৱাৰিলে। তাৰ পিছত অৰ্চনা পুৰাণ সিংঙক লৈ কৰা ধেমেলীয়া কৌতুকেৰে ভৰি পৰিল খণ্ডটো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















