অসম লাইভ ২৪ঃ অক্ষয় কুমাৰ আৰু চলমান খান বলীউড ইণ্ডাষ্ট্ৰিৰ জনপ্ৰিয় আৰু সফল অভিনেতা। দুয়োগৰাকী অভিনেতাকে দর্শকে যথেষ্ট ভাল পায় আৰু পছন্দ কৰে। কিন্তু যেতিয়া অভিনেতাসকলে জনপ্ৰিয়তাৰ শীর্ষত থাকে, তেতিয়া তেওঁলোকে আনৰ মতে নহয়, নিজৰ ইচ্ছানুসৰি কাম কৰে। আমি ক’ব খুজিছো অক্ষয় কুমাৰ আৰু চলমান খানৰ কথা। দুয়োগৰাকী অভিনেতায়ে ছবিত চুক্তি কৰাৰ পূর্বে এটা চুক্তি ৰাখে। আৰু সেই কথা সকলোৱে জানে। কিন্তু দুয়োগৰাকী অভিনেতাৰ কি চুক্তি সেয়া হয়তো আপুনি নাজানে। প্ৰথমে ক’ব বিচাৰিছো চলমান খানৰ চুক্তিৰ কথা। চলমান খানে ছবিত অভিনয় কৰাৰ পূর্বে চুক্তি ৰাখে যে তেওঁ ছবিৰ নায়িকাৰ সৈতে লিপ কিচ নকৰে আৰু অধিক ৰোমাণ্টিক দৃশ্যৰ শ্বুটিং নকৰে। তেওঁ ছবিখন পাৰিবাৰিক হিচাপে ৰাখে। ছবিখনৰ প্ৰযোজকে যদি চল্লু ভাইক তেনে কোনো ডিমাণ্ড কৰে, তেতিয়া তেওঁ সেই ছবিত অভিনয় নকৰে। একেদৰে অক্ষয় কুমাৰৰো আছে এক চুক্তি। অক্ষয় কুমাৰৰ চুক্তি হ’ল সময়ক লৈ। দেওবাৰে কোনো কাৰণত অক্ষয় কুমাৰে ছবিৰ শ্বুটিঙত নাথাকে। দেওবাৰে দিন বা নিশা কোনো এটা সময়তে শ্বুটিং নাৰাখে অক্ষয় কুমাৰে। অর্থাৎ সমগ্ৰ দেওবাৰৰ দিনটো অক্ষয় কুমাৰে পৰিয়ালৰ সৈতে অতিবাহিত কৰে আৰু নিশা সোনকালে শোৱাৰ অভ্যাস আছে অক্ষয়ৰ। ইয়াৰ উপিৰও অক্ষয় কুমাৰৰ সময়ানুৱর্তিতা খুব কঠোৰ। সময়তকৈ পলম হ’লে সমগ্ৰ দিনটোৰ বাবে অক্ষয় কুমাৰে শ্বুটিং বাতিল কৰে। এই দুয়োগৰাকী বলীউড তাৰকাক মেনেজ কৰিবলৈ এটা দল ব্যস্ত হৈ থাকে। যদি এই দুয়োগৰাকী তাৰকাই অসন্তোষ প্ৰকাশ কৰে, তেতিয়াহ’লে ছবিৰ পৰিচালক কোন, ভগৱানেও তেওঁলোকক শ্বুটিং কৰাব নোৱাৰে। কিন্তু দুয়োগৰাকীৰে এটা কথাই ভাল যে দুয়োৰে সবল অভিনয়ে ছবিখন জনপ্ৰিয় কৰাই দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















