অসম লাইভ ২৪ঃ সাপটোৰ সৈতে বন্ধুত্ব গঢ়িছে ছলমান খানে৷ লগতে অভিনেতাগৰাকীয়ে সাপটোৰ সৈতে কেইখনমান বিশেষ ফটোও তুলিছে৷ জন্মদিনৰ এদিন পূৰ্বে অৰ্থাৎ শনিবাৰে পানৱেল ফাৰ্ম হাউচত সৰ্প দংশনৰ পাছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ছলমান খানৰ এটি বিশেষ ভিডিঅ’৷ ৬ ঘণ্টা চিকিৎসালয়ত থকাৰ পাছত সুস্থ হৈয়ে পুনৰ ফাৰ্ম হাউচলৈ গৈছে ‘ভাইজান’৷ দংশন কৰা সেই সাপটোক পুনৰ ফাৰ্ম হাউচলৈ লৈ অনা হৈছে৷ ছলমান খানৰ ভাষ্য অনুসৰি, জংঘললৈ পুনৰ ঘূৰাই অনা হৈছে সাপটো৷ লগতে তেওঁ কয়, তেওঁৰ ভগ্নীয়ে কিছু ভয় কৰিছিল যদিও এতিয়া সেই সাপটোৰ সৈতে এক বিশেষ বন্ধুত্বৰ সম্পৰ্কহে গঢ়ি তুলিছে ছলমানে৷ উল্লেখ্য, সেই বিষাক্ত সাপটোৱে ৩ বাৰকৈ দংশন কৰিছিল ছলমান খানক৷ উল্লেখ্য, আজি ছলমান খানৰ ওপজা দিন৷ পানৱেল ফাৰ্ম হাউচত বন্ধু তথা আত্মীয়ৰ সৈতে গ্ৰেণ্ড বাৰ্থডে’ পাটি উদযাপন কৰে অভিনেতাগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ