অসম লাইভ ২৪ঃ ১ জানুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হ’ব শিশুৰ কোভিড ভেকচিনৰ বাবে নাম পঞ্জীয়ন প্ৰক্ৰিয়া আৰু আগন্তুক ৩ জানুৱাৰীৰ পৰা ভাৰতত প্ৰদান কৰা হ’ব ভেকচিন৷ ১৫- ১৮ বছৰ বয়সৰ কিশোৰক প্ৰদান কৰিব কোভিড ভেকচিন ‘কোভাক্সিন’৷ সোমবাৰে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰে এই কথা৷ ইয়াৰ উপৰি, স্বাস্থ্য সেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু ৬০ ঊৰ্ধৰ ব্যক্তিক ১০ জানুৱাৰীৰ পৰা প্ৰদান কৰা হ’ব ‘সতৰ্কতামূলক ড’জ’৷ দ্বিতীয় পালি কোভিড ভেকচিন গ্ৰহণ কৰাৰ ৩৯ সপ্তাহৰ পাছত প্ৰদান কৰা হ’ব এই ‘সতৰ্কতামূলক ড’জ’৷ CoWIN প’ৰ্টেলৰ জৰিয়তে নাম পঞ্জীয়ন কৰিব লাগিব ব্যক্তিয়ে৷ ষ্টুডেণ্ট ID কাৰ্ড, আধাৰ কাৰ্ড বা অন্য কোনো ID ব্যৱহাৰ কৰিব লাগিব কিশোৰসকলে৷ বৰ্তমান থকা কোনো একাউণ্টৰ পৰা বা নতুন একাউণ্টৰ জৰিয়তে পঢ্জীয় কৰিব লাগিব নিজৰ নাম৷ প্ৰতিগৰাকী যোগ্য নাগৰিকৰ বাবে উপলব্ধ আছে এই সুবিধা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ