বহাৰ পৰা উঠিব নোৱাৰা হ’ল ছলমান, মঞ্চত উঠাৰ সময়তো কষ্ট, বাৰে বাৰে বুকুত হাত
সঁচাকৈয়ে বুঢ়া হ’ল নেকি ছলমান খান। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। যি ভিডিঅ’ দেখি এতিয়া চিন্তাত পৰিছে অনুৰাগী সকল। বহি থকাৰ পৰা উঠিব নোৱাৰা হ’ল ছলমান খান। মঞ্চলৈ উঠি যোৱাৰ সময়তো কষ্টত থকা যেন দেখা গ’ল ছলমান খানক। যাৰ বাবে এতিয়া বহুতেই প্ৰশ্ন কৰিছে কি হ’ল ছলমানৰ লগত। বেমাৰ নে বয়সৰ চাপ।
বলীউডৰ ভাইজান অৰ্থাৎ ছলমান খানে নিজৰ প্ৰতিটো ষ্টাইলেৰে অনুৰাগীৰ হৃদয় জয় কৰে। অভিনেতাজন য’তেই যায়, অনুৰাগীয়ে তেওঁক ভাই-ভাই বুলি সম্বোধন কৰে। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এক গণেশ চতুৰ্থী অনুষ্ঠানত অংশ লৈছিল। ইয়াৰ মাজতে ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ অনুৰাগীসকলক ইক’ ফ্ৰেণ্ডলী গণেশক ঘৰলৈ আনিবলৈও আহ্বান জনায়। এই অনুষ্ঠানৰ অভিনেতাজনৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, যিটো দেখি তেওঁৰ অনুৰাগীসকল যথেষ্ট বিচলিত হৈ পৰিছে।
https://x.com/Freak4Salman/status/1828830871627157537
ভিডিঅ’টোত অভিনেতাজনে চোফাত বহি আছিল, কিন্তু যেতিয়া বহাৰ পৰা উঠিবলৈ বহুত সংগ্ৰাম কৰা দেখা গৈছিল। যি দেখি অভিনেতাজনৰ অনুৰাগীসকল চিন্তিত হৈ পৰে আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰে। ভিডিঅ’টোত ছলমানে অভিনেত্ৰী সোণালী বেন্দ্ৰেক লগ কৰিবলৈ উঠিবলৈ চেষ্টা কৰা দেখা গৈছে। তাৰ পিছত কিছু অসুবিধাৰ পিছত তেওঁ উঠে আৰু সোণালী বেন্দ্ৰেক অভিনন্দন জনাই সাৱটি ধৰে।
উল্লেখ্য যে, ছলমানে বৰ্তমানে মাংসপেশীৰ আঘাতত জৰ্জৰিত। যাৰ বাবে এইদৰে বহাৰ পৰা কষ্ট কৰি উঠা দেখা গৈছিল অভিনেতাগৰাকীক। কিন্তু ইয়াৰ পিছতো ছলমানে অনুৰাগীৰ দাবীত ৱাণ্টেড ছবিৰ জনপ্ৰিয় ট্ৰেক ‘জলৱা’ত নৃত্য কৰে। অভিনেতাজনৰ এই ভিডিঅ’টো চাই বহু অনুৰাগীয়ে ছলমানৰ শক্তিৰ প্ৰশংসা কৰিছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছলমানে পৰৱৰ্তী ছবি ‘সীকন্দৰ’ৰ শ্বুটিঙো বন্ধ কৰি থৈছে। কাৰণ ভাইজানক সুস্থ হ’বলৈ জিৰণি লোৱাৰ প্ৰয়োজন। আঘাতৰ পৰা এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই অভিনেতাগৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ