বুধবাৰে দেশে উদযাপন কৰিব ৭৩ সংখ্যক গণৰাজ্য দিৱস৷ স্বাধীনতা সংগ্ৰামীৰ লগতে দেশৰ সেনা জোৱানসকলৰ আত্মবলিদানক সুঁৱৰি শ্ৰদ্ধা জনাব তেওঁলোকৰ প্ৰতি৷ দেশৰ হকে প্ৰাণ আহুতি দিয়া দেশৰ বীৰ সন্তানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সমগ্ৰ দেশবাসীয়ে। এনে প্ৰেক্ষাপটত ভাৰতীয় সেনা জোৱানৰ অদম্য দেশ সেৱা, দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া বীৰ গাঁথাক আধাৰ হিচাপে লৈ গোৱালপাৰা জিলাৰ ধূপধৰাৰ স্থানীয় সাংবাদিক পংকজ মাহাতোয়ে লিখি উলিয়াইছে ১১০০ শাৰীৰ এটি দীঘলীয়া কবিতা৷
ভাৰতীয় সেনা জোৱানৰ বিপদাপন্ন জীৱন বৃত্তান্তৰ আধাৰত ‘প্ৰগাঢ় প্ৰহৰী’ শীৰ্ষক কবিতাটিৰ জৰিয়তে দেশৰ চহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংবাদিকগৰাকীয়ে। অসমীয়া ভাষা-সাহিত্যিৰ লগতে সেনাজোৱান সকলৰ অদম্য দেশ সেৱাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আগত ৰাখি কবিতাটি লিখিছে বুলি সাংবাদিকক গৰাকীয়ে জানিবলৈ দিয়ে। অতি শীৰ্ঘ্ৰে কাব্য পুথি হিচাপে প্ৰকাশ কৰিব কবিতাটি।
দেশ তথা দেশবাসীৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ জল সেনা, স্থল সেনা আৰু নৌ সেনাৰ জোৱান সকলে হাঁহি মুখে স্বীকাৰ কৰি অহা চৰম কষ্ট, প্ৰয়োজনত জীৱন বলিদান দিবলৈ কুন্ঠাবোধ নকৰা কাৰ্যবোৰ কবিতাটিৰ জৰিয়তে উপস্থাপন কৰিছে পংকজ মাহাতোৱে। ইয়াৰ পূৰ্বে স্বাধীনতা সংগ্ৰামী সকলৰ দেশপ্ৰেমৰ আধাৰত ২৮১২ শাৰী আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমাৰ আধাৰত এহাজাৰ শাৰীৰ দীঘলীয়া কবিতা লিখি উলিয়াইছে সাংবাদিকগৰাকীয়ে৷
দুধনৈৰ পৰা বিদ্যুৎ সৰকাৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ