অসম লাইভ২৪ঃ দেশৰ সমলিংগৰ বিবাহে আইনি বৈধতা লাভ কৰিবনে? বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে আৰম্ভ কৰিছে বিচাৰপ্ৰক্ৰিয়া৷ ১৮ এপ্ৰিলত ৫ জনীয়া বিচাৰপীঠে এই গোচৰৰ শুনানি প্ৰদান কৰিব৷ সোমবাবে এই গোচৰক আদালতে ‘মৌলিক গুৰুত্ব’ থকা বিষয় বুলি উল্লেখো কৰিছে৷ ভাৰতত সমলিংগৰ বিবাহক আইনী স্বীকৃতি দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ত একাধিক আবেদনো প্ৰেৰণ কৰিছে একাধিক লোকে৷ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰৰো মতামত বিচাৰিছে আদালতে৷
সম্প্ৰতি কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা অনুসৰি সমলিংগৰ বিবাহত কেন্দ্ৰৰ আপত্তি আছে৷ তাৰপাছতেই এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি ডিওয়াই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন ৫ জনীয়া বিচাৰপীঠ পাইছিলগৈ৷ আদালতে জনোৱা অনুসৰি এই বিষয়টোক লৈ সিদ্ধান্ত গ্ৰহন কৰিলেই সমাজত এক ব্যাপক পৰিবৰ্তন আহিব৷ সমকামিতাক লৈ পূৰ্বেও যুগান্তকাৰী ৰায় দিছিল আদালতে৷ ২০১৮ চনত আদালতে দিয়া বিশেষ ৰায়, ‘সমকামিতা অপৰাধ নহয়’ এই বিষয়টোৱে সমাজলৈ বৃহৎ এক পৰিবৰ্তনো আনিছে৷ এলজিবিটিকিউ সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হৈছিল এই ৰায়ৰ পিছতেই৷ এই ৰায়ৰ পাছতেই সমকামীসকলে নিজকে স্বাধীন অনুভৱো কৰিবলৈ আৰম্ভ কৰিছে৷ সমাজৰ পৰা বহু ভ্ৰান্ত ধাৰণাও দূৰ কৰিছিল এই ৰায়ে৷
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ ‘সমকামিতা অপৰাধ নহয়’ এই ৰায়ৰ পাছতেই বহুকেইখন সমলিংগৰ বিয়া সম্পন্নও হৈছে৷ দেশত অনুষ্ঠিত বহুকেইখন সমলিংগৰ বিবাহৰ খবৰে সংবাদ শিৰোনামো দখল কৰিছিল৷ যদিও কেন্দ্ৰৰ তৰফৰ পৰা এই বিষয়টোক লৈ আপত্তি আছে৷ কেন্দ্ৰই জনোৱা অনুসৰি এইধৰণৰ বিবাহ ভাৰতীয় পাৰিবাৰিক সংস্কৃতিৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়৷ সেয়ে এই বিষয়টোত কেন্দ্ৰৰ বিৰোধ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ