অসম লাইভ২৪ঃ পাকিস্তানৰ ক্ৰিকেটাৰ ছোৱেইব মালিকে শনিবাৰে তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছে। পাক অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ছোৱেইব। এই নতুন দম্পত্তিৰ বিবাহৰ ছবি ইতিমধ্যে সামাজিক মাধ্যমত খুবেই ভাইৰেল। নতুন দম্পত্তিৰ ছবি সন্মুখলৈ অহাৰ লগে লগেই সকলোৰে মনত প্ৰশ্ন ছানিয়াৰ সৈতে সদ্য ডিভোৰ্ছ হৈছিলহে। লগে লগেই কেনেকৈ বিবাহ কৰাব পাৰে ছোৱেইবে?
অন্যহাতে একাংশই জানিব খুজিছে, ছানা ডাভেদৰ সৈতে ছোৱেইব মালিকৰ সাক্ষাৎ ক’ত হৈছিল? কেনেকৈ আৰম্ভ হ’ল দুয়োৰে লাভ ষ্টৰী? ছোৱেইবৰ নতুন পত্নীৰো আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক। ছোৱেইব আৰু ছানাই ইনষ্টাগ্ৰাম পোষ্টত জনাইছে দুয়োৰে প্ৰকৃত পৰিচয়।
শনিবাৰে ছোৱেইব মালিক আৰু ছানা জাভেদ দুয়োগৰাকীয়ে আনুষ্ঠানিকভাৱে বিবাহৰ কথা ঘোষণা কৰিছে। ভাৰতৰ সৈতে ছানা জাভেদৰ বিশেষ সম্পৰ্ক আছে। ছানাৰ পূৰ্বপুৰুষ ভাৰতৰ হায়দৰাবাদৰ বাসিন্দা। দেশ বিভাজন হোৱাৰ পাছতেই তেওঁলোক পাকিস্তানলৈ গুচি যায়। বৰ্তমান ছানা পাকিস্তানৰ কৰাচি চহৰৰ বাসিন্দা। ১৯৯৩ চনৰ ২৫ মাৰ্চত জন্মগ্ৰহণ কৰিছিল ছানা জাভেদে। কৰাচিৰ বাসিন্দা হ’লেও তেওঁৰ জন্ম কিন্তু ছৌদী আৰবত।
ছানাৰ সৈতে কেনেকৈ পৰিচিত হৈছিল ছোৱেইব?
পাকিস্তানৰ ARY চেনেলৰ জনপ্ৰিয় গেম শ্ব’, ‘জিতো পাকিস্তান’ত প্ৰথমবাৰ দেখাদেখি হৈছিল ছোৱেইব আৰু ছানা। সেই অনুষ্ঠানত প্ৰায় ১০ মাহ পূৰ্বে ছানা আৰু ছোৱেইবৰ সাক্ষাৎ হৈছিল। অনুষ্ঠান চলি থকাৰ সময়ত দুয়োৰে মাজত দেখা গৈছিল এক পৃথক কেমিষ্ট্ৰী। তাৰপৰাই দুয়োৰে বন্ধুত্বৰ আৰম্ভণি। বন্ধুত্বৰ পাছতেই লাহে লাহে প্ৰেম আৰু অৱশেষত বিয়া। ১০ মাহ ধৰি চলা প্ৰেমৰ সম্পৰ্কটোক দুয়োৱে শনিবাৰে বিবাহৰ ৰূপ দিয়ে। বিভিন্ন সংবাদমাধ্যমৰ সূত্ৰত পোৱা খবৰ অনুসৰি ছোৱেইব আৰু ছানা দুজনেই নিজা নিজা বৈবাহিক জীৱনত একেবাৰে সুখী নাছিল। ছানিয়া আৰু ছোৱেইবৰ সৈতে সম্পৰ্ক বেয়া হোৱাৰ কাৰণো বহুতেই ছানা বুলি বিভিন্ন সময়ত চৰ্চা চলাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















