বহু বিতৰ্ক, বহু প্ৰশ্ন৷ প্ৰেয়সীৰ সৈতে বাক বিতণ্ডা কৰি চৰ্চালৈ আহিছিল আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা৷ সামাজিক মাধ্যমযোগে শংকৰজ্যোতি বৰুৱাই লিখিছে,
‘নমস্কাৰ,
আপোনালোকক জনাব বিচাৰিছোঁ যে শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াত আমাৰ সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হৈছে । এই বিতৰ্কৰ সত্য সত্যতা যদিও ন্যায়ালয়ত প্ৰমাণ হ’ব তথাপিও ব্যক্তিগতভাৱে জনাব বিচাৰো যে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে স্ব-ইচ্ছাই অব্যাহতি গ্ৰহণ কৰিছোঁ। ক্ষন্তেক পিছতে কেন্দ্ৰীয় সমিতিলৈ মোৰ অব্যাহতি পত্ৰ প্ৰেৰণ কৰিম ৷ আজিৰ এই মূহূৰ্তলৈকে আপোনালোকে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞ হৈ ৰ’ম ৷ ধন্যবাদ ৷
সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ জয় আই অসম’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ