আগন্তুক সোমবাৰ ৯ ফেব্ৰুৱাৰীৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হ’ব সেই সপ্তাহতে কুম্ভ ৰাশিত গোচৰ কৰিব সূৰ্যই৷ তাত সূৰ্যৰ সৈতে থাকিব শুক্ৰও৷ কুম্ভ ৰাশিত শুক্ৰ আৰু সূৰ্যৰ যুঁটিত গঠিত হব শুক্ৰাদিত্য ৰাজযোগ৷ এই সপ্তাহ হৈছে ভেলেণ্টাইন উইক৷ পালিত হ’ব প্ৰেমৰ সপ্তাহো৷ শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱত আগন্তুক ৫ৰাশিৰ জাতকৰ জীৱনলৈ পজিটিভ পৰিবৰ্তন আহিব৷ সম্পদ আৰু সমৃদ্ধি লাভ কৰিব পাৰে এই ৫ৰাশিৰ জাতকে৷ ফুৰিবলৈ যোৱাৰ সম্ভাৱনাও আছে৷ জানি থওক এই ৰাজযোগৰ প্ৰভাৱত ৯ ফেব্ৰুৱাৰীৰ পৰা ১৫ফেব্ৰুৱাৰী ২০২৬ৰ ভিতৰত এই সপ্তাহত কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ হব কোন কোন ৰাশিৰ জাতকৰ৷
মেষ ৰাশি
আগন্তুক সপ্তাহত শুক্ৰাদিত্য ৰাজযোগৰ সুফল পাব মেষ ৰাশিৰ জাতকে৷ আগন্তুক সপ্তাহৰ পৰা এওঁলোকৰ জীৱনলৈ কেইবাটাও শুভ পৰিবৰ্তন আহিব৷ সকলো কামতে ভাগ্যক নিজৰ কাষত পাব৷ আলস্য ত্যাগ কৰি যি কামত হাত দিব তাতেই সাফল্য পাব৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ আহিব পাৰে৷ পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় কটাব৷
বৃষ ৰাশি
আগন্তুক সপ্তাহত পৰিশ্ৰম কৰিলে তাৰ লাভ পাব বৃষ ৰাশিৰ জাতকে৷ অফিচত সহকৰ্মীৰ পৰা সহায় পাব৷ শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱত সকলো কাম সহজেই কৰিব পাৰিব৷ বাকী থকা সকলো কাম আগন্তুক সপ্তাহত সম্পূৰ্ণ কৰিব পাৰিব৷ নিজৰ কথা আৰু ব্যৱহাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক৷ ছাত্ৰ ছাত্ৰীসকলে পঢ়াশুনাত ভাল ফল লাভ কৰিব৷
সিংহ ৰাশি
আগন্তুক সপ্তাহত সুখবৰ আৰু নতুন আশাৰ জোৱাৰ উঠিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ সপ্তাহৰ আৰম্ভণিতেই শুভাকাঙ্খী আৰু নিকট বন্ধুৰ পৰা আপুনি বৃহৎ উপকাৰ পাব পাৰে৷ আইনী বিষয়ত জড়িত হলে গোচৰৰ ৰায় আপোনাৰ পক্ষত আহিব৷ আৰ্থিকভাৱেও বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ অফিচত নতুন কামৰ দায়িত্ব পাব পাৰে৷
বৃশ্চিক ৰাশি
আগন্তুক সপ্তাহত নানান দিশৰ পৰা সৌভাগ্য উজলি উঠিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ এই সপ্তাহত আপুনি যি কামত হাত দিব তাতেই সাফল্য পাব৷ চৰকাৰী কামৰ সৈতে যুক্ত কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় পাব পাৰে৷ প্ৰেম জীৱনত সুখ থাকিব৷ মনত শান্তি থাকিব৷ অবিবাহিতসকলে মন পছন্দৰ সংগী বিচাৰি পাব৷ বিদেশ যাত্ৰা সফল হব পাৰে৷
কুম্ভ ৰাশি
নানান সুখকৰ অভিজ্ঞতাৰ মাজেৰে আগন্তুক সপ্তাহটো কটাব কুম্ভ ৰাশিৰ জাতকে৷ দূৰ কৰোবাত ভ্ৰমণ কৰিব পাৰে৷ অতিৰিক্ত অৰ্থাগম হোৱাৰ ফলত আৰ্থিক পৰিস্থিতি মজবুত হব৷ পাৰিবাৰিক সম্পৰ্কতো মাধুৰ্য বৰ্তি থাকিব৷ বন্ধুৰ সৈতে ভাল দিন কটাব৷ অফিচত আপোনাৰ কামত সকলোৱে প্ৰশংসা কৰিব৷ পদোন্নতি সম্ভৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















