• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মৰ বাবে কিয় বিষ্ণুৰ সৈতে আলোচনাত বহিছিল ব্ৰহ্মা?

ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মৰ বাবে কিয় বিষ্ণুৰ সৈতে আলোচনাত বহিছিল ব্ৰহ্মা?

1 year ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

9 hours ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

9 hours ago
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

10 hours ago
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

10 hours ago
পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

11 hours ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

12 hours ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

13 hours ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

1 day ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

1 day ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

1 day ago
ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

1 day ago
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মৰ বাবে কিয় বিষ্ণুৰ সৈতে আলোচনাত বহিছিল ব্ৰহ্মা?

editor by editor
February 10, 2024
in জীৱনশৈলী, ভাৰত, লেখা, শিক্ষা
0
ব্ৰহ্মাৰ কমণ্ডলুৰ পানীৰ পৰাই উৎপত্তি দেৱী সৰস্বতীৰ, সৰস্বতীৰ জন্মৰ বাবে কিয় বিষ্ণুৰ সৈতে আলোচনাত বহিছিল ব্ৰহ্মা?
0
SHARES
9.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সন্মুখত সৰস্বতী পুজা। হিন্দু ধৰ্মত দেৱী সৰস্বতীক বিদ্যা, শিল্প, সংগীত আৰু সাহিত্যৰ দেৱী বুলি কোৱা হয়। তেওঁৰ আৰাধনাত ব্ৰতী হ’লে বিদ্যা-বুদ্ধি লাভ কৰা যায় বুলি লোকবিশ্বাস। আগন্তুক ১৪ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী তিথিত সৰস্বতী পুজা পালিত হ’ব। ভগৱতী, সাৰদা, বীণাপাণি, বাগেশ্বৰী নামেৰে পৰিচিত দেৱী সৰস্বতী। ঋগ্বেদত সৰস্বতীক মানুহৰ বুদ্ধি, জ্ঞান আৰু মনোবৃত্তিৰ সংৰক্ষক বুলিও কোৱা হয়। শাস্ত্ৰত সৰস্বতীৰ মহিমা বৰ্ণনা কৰা আছে।

হিন্দু ধৰ্ম অনুসৰি বসন্ত পঞ্চমী তিথিত সৰস্বতীৰ জন্ম। প্ৰতি বছৰে এই তিথিত সৰস্বতী পুজা কৰা হয়। কিন্তু কেনেকৈ সৰস্বতীৰ উৎপত্তি? পুৰাণত সৰস্বতীৰ উৎপত্তিৰ কাহিনী সম্পৰ্কে বিশদভাৱে উল্লেখ আছে। পুৰাণত বৰ্ণিত কাহিনী অনুসৰি ব্ৰহ্মাই যেতিয়া জগৎ সংসাৰ ৰচনা কৰি আছিল তেতিয়া তেওঁ বিষ্ণুৰ আদেশত মানুহৰ যোনি আৰু অন্যান্য জীৱৰ সৃষ্টি কৰিছিল। সকলোবোৰ সৃষ্টি কৰাৰ পাছতো চাৰিওফালে আছিল কেৱল নিস্তব্ধ এক পৰিবেশ। বিশ্বৰ এই অৱস্থা দেখি একপ্ৰকাৰ হতাশ হৈ পৰিছিল ব্ৰহ্মা।

ব্ৰহ্মাই তেতিয়া চিন্তা কৰিবলৈ ধৰে যে কেনেকৈ বিশ্বৰ এই নিস্তব্ধতা দূৰ কৰা যায়। তেওঁ তেতিয়াই স্বৰ, বাণীৰ প্ৰয়োজন আছে বুলি ভাৱি বিষ্ণুৰ সৈতে বিষয়টো আলোচনা কৰে। বিষ্ণুৰ সৈতে আলোচনা কৰাৰ পাছত ব্ৰহ্মাই নিজৰ কমণ্ডলৰ পৰা পানী পৃথিৱীত ছটিয়াই দিয়ে। এই পানীৰ কণাই মৰ্ত্যৰ ভূমি স্পৰ্শ কৰাৰ লগে লগেই এক কম্পনৰ সৃষ্টি হয়। এই কম্পনৰ পৰাই চাওঁতে চাওঁতে এক নাৰীৰূপী অদ্ভুত শক্তিৰ সৃষ্টি হয়।

সেই নাৰী শক্তিৰ চাৰিখন হাত। তেওঁৰ এখন হাতত বীণা, এখন হাতত বেদ, এখন হাতত জপ কৰা মালা আৰু এখন হাতত কমণ্ডলু। তেওঁৰ বাহন হৈছে ৰাজহংস। পদ্ম আসনত তেওঁ বহি থাকে। ইয়াৰপাছতেই ব্ৰহ্মাই সেই বিশেষ শক্তিশালী নাৰীক বীণা বজাবলৈ অনুৰোধ কৰে। বীণাৰ মধুৰ স্বৰত সংসাৰৰ সমস্ত জীৱজন্তুৰ মাজত বাণীৰ সঞ্চাৰ হয়। স্তব্ধ জলধাৰাৰ কোলাহল আৰম্ভ হয়। বতাহতো শুনিবলৈ পোৱা যায় বিশেষ স্বৰ। অৰ্থাৎ বতাহ বলাৰো শব্দ শুনিবলৈ পোৱা যায়। এই শক্তিৰ উৎপত্তিৰ পাছতেই জগৎ সংসাৰত বাণীৰ সঞ্চাৰ হয়। সেই বিশেষ নাৰীশক্তিৰ নাম ব্ৰহ্মাই সৰস্বতী ৰাখে। বিশ্বক বিদ্যা আৰু বুদ্ধি তেওঁ প্ৰদান কৰিব বুলিও জনাই। শাস্ত্ৰমতে সৰস্বতীৰ পৰাই সংগীতৰো উৎপত্তি। সেয়ে তেওঁক সংগীত দেৱী বুলিও কোৱা হয়।

শাস্ত্ৰ অনুসৰি বসন্ত পঞ্চমী তিথিত সৰস্বতীৰ উৎপত্তি। সেয়ে প্ৰতি বছৰে এই তিথিত সৰস্বতী দেৱীক আৰাধনা কৰা হয়। ইয়াৰোপৰি সৰস্বতী পুজাৰ কাৰণ সম্পৰ্কে পুৰাণত আন এক কাহিনীও উল্লেখ আছে। পুৰাণ অনুসৰি কৃষ্ণ দেৱী সৰস্বতীৰ প্ৰতি মুগ্ধ হৈছিল। তাৰপাছতেই তেওঁ আশীৰ্বাদ দিয়ে যে যিসকলে বসন্ত পঞ্চমী তিথিত সৰস্বতীক আৰাধনা কৰিব তেওঁলোকে বিদ্যা আৰু শিল্পত নিপুণ হৈ উঠিব। তাৰপিছৰে পৰাই প্ৰতি বসন্ত পঞ্চমী তিথিত ব্ৰহ্মবিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পুজা কৰা হয়।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?
জীৱনশৈলী

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

July 14, 2025
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য
জীৱনশৈলী

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

July 14, 2025
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?
জীৱনশৈলী

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

July 14, 2025
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?
জীৱনশৈলী

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

July 14, 2025
Next Post
হাজাৰ হাজাৰ কোটিৰ সম্পত্তি আছে কিন্তু বাস কৰে একোঠালীৰ ঘৰত, ছলমানে কিয় আজিলৈকে ক্ৰয় নকৰিলে নিজা ঘৰ?

হাজাৰ হাজাৰ কোটিৰ সম্পত্তি আছে কিন্তু বাস কৰে একোঠালীৰ ঘৰত, ছলমানে কিয় আজিলৈকে ক্ৰয় নকৰিলে নিজা ঘৰ?

‘ভৰতৰ দৰে ভাল সাংসৰিক ব্যক্তি খুবেই কম থাকে!’ ভাল স্বামীৰ পৰা ইশাই সম্পৰ্ক বিচ্ছেদ কৰিলে কিয়?

'ভৰতৰ দৰে ভাল সাংসৰিক ব্যক্তি খুবেই কম থাকে!’ ভাল স্বামীৰ পৰা ইশাই সম্পৰ্ক বিচ্ছেদ কৰিলে কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.