কাইলৈ ১৭ জানুৱাৰী ২০২৬ শনিবাৰে চন্দ্ৰই ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে যে কাইলৈ মাঘৰ কৃষ্ণা চতুৰ্দশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ব্যাঘাত যোগ আৰু হৰ্ষণা যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব মূল নক্ষত্ৰ আৰু পূৰ্ব আষাঢ় নক্ষত্ৰ৷ এই সকলো যোগৰ প্রভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে গ্ৰহৰাজৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ মাঘৰ কৃষ্ণা চতুৰ্দশী তিথিত চতুৰ্গ্ৰহী যোগৰ প্ৰভাৱত জীৱনত চকুত লগা উন্নতি কৰিব বৃষ ৰাশিৰ জাতকে৷ শনিৰ দয়াত কিছু আৰ্থিক লাভ হব পাৰে আপোনাৰ৷ শিক্ষাক্ষেত্ৰত কোনো সমস্যা চলিলে তাৰপৰা কাইলৈ মুক্তি পাব পাৰে বৃষ ৰাশিৰ জাতকে৷ গ্ৰহৰাজৰ আশীৰ্বাদত নিজৰ লক্ষ্যৰ দিশত কাইলৈ আৰু এঢাপ আগুৱাই যাব পাৰিব আপুনি৷
কৰ্কট ৰাশি
কাইলৈ থাকিব বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ৷ এই যোগৰ শুভ প্রভাৱ লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ কাইলৈ অৰ্থাৎ শনিবাৰে আপোনাৰ পৰিয়ালত বিশেষ কোনো সুখৰ খবৰ আহিব পাৰে৷ শহুৰৰ ঘৰৰ দিশৰ পৰা সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷ ব্যৱসায়ত ৰৈ থকা ধন উভতাই পাব পাৰে৷ জনসেৱামূলক কামত সক্ৰিয়ভাৱে যুক্ত হব৷ কোনো বিশেষ সূত্ৰৰ পৰা অৰ্থ লাভ কৰিব পাৰে৷
কন্যা ৰাশি
১৭ জানুৱাৰীত হৰ্ষণা যোগত দুৰ্দান্ত দিন কটাব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ সকলো কামতেই সৌভাগ্যক আপোনাৰ কাষত পাব৷ আৰ্থিকভাৱেও বেছ কিছু উন্নতি কৰিব পাৰে৷ ইয়াৰ ফলত কাইলৈ আপোনাৰ মনত সুখ, শান্তি আৰু আনন্দ বৰ্তি থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতেও সুখৰ সময় কটাব পাৰে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় হব পাৰে৷
তুলা ৰাশি
মকৰ ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















