২২ ফেব্ৰুৱাৰী ২০২৫ শনিবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি ত্যাগ কৰি ধনু ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি ফাগুনৰ কৃষ্ণা নৱমী তিথি৷ আজি দুপৰীয়া ১ বাজি ১৯ মিনিট পৰ্যন্ত কৃষ্ণা নৱমী তিথি থাকিব৷ তাৰপাছতেই আৰম্ভ হ’ব কৃষ্ণা দশমী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি হৰ্ষণা যোগ আৰু বজ্ৰ যোগৰ প্ৰভাৱ থাকিব৷ জানি থওক আজিৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
আজি ২২ ফেব্ৰুৱাৰী ভাল দিন হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ আজি অফিচত আপোনাৰ ওপৰত কামৰ চাপ কমিব৷ ফলত আজিৰ দিনটো নিজৰ মতে কটাব পাৰিব৷ পেছাগত বিষয়ত আজি উন্নতি কৰাৰ যোগ আছে৷ অফিচত বছে আপোনাৰ কামত প্ৰশংসা কৰিব৷ ব্যৱসায়ীসকলে আজি অতিৰিক্ত অৰ্থলাভ কৰিব পাৰে৷ ছাত্ৰছাত্ৰীসকলে নিজৰ উজ্জ্বল ভৱিষ্যতৰ সন্ধান পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ