কাইলৈ ২৬ জুলাই ২0২৫ শনিবাৰে চন্দ্ৰই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ শাওনৰ শুক্লা দ্বিতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সিদ্ধি যোগ আৰু ব্যাতিপত যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব অশ্লেষা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে কৰ্মফলৰ দেৱতা শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোনো কোনো ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ২৬ জুলাইত শুভ দিন চলিব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মনত সাহস আৰু আত্মবিশ্বাসেৰে পূৰ্ণ থাকিব৷ নিজৰ সাহসেৰে সকলো কাম সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব৷ কাইলৈ শনিবাৰৰ দিনটো আনন্দেৰে কটাব৷ কাইলৈ পৰিয়ালৰ সৈতে শ্বপিঙলৈ যাব পাৰে৷ ব্যৱসায়ীয়ে ভাল লাভ কৰিব৷ সমাজত জনপ্ৰিয়তা বাঢ়িব বৃষ ৰাশিৰ জাতকৰ৷
কৰ্কট ৰাশি
লক্ষ্মী যোগৰ প্রভাৱত কৰ্কট ৰাশিৰ জাতকে কাইলৈ সকলো কামতেই ভাল খবৰ পাব৷ কাইলৈ দিনটো আপুনি পৰিয়ালৰ সৈতে সুখেৰে কটাব৷ পেছাগত জীৱনত আপোনাৰ আত্মবিশ্বাস আৰু এনাৰ্জি বহু বেছি থাকিব৷ অফিচত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ নিজৰ কেৰিয়াৰত উন্নতি কৰাৰ ডাঙৰ সুযোগ পাব এই ৰাশিৰ জাতকে৷
তুলা ৰাশি
কাইলৈ লক্ষ্মী যোগৰ শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাইলৈ পৰিয়ালৰ সকলোৰে সৈতে বেছ আনন্দ কৰি দিনটো কটাব পাৰিব৷ ৰেস্তোৰাত বন্ধুসকলৰ সৈতে ভালকৈ খোৱাৰ সুযোগ পাব৷ কাইলৈ দিনটো আপোনাৰ পেছাগত জীৱনৰ বাবেও শুভ হব৷ কোনো প্রভাৱশালী ব্যক্তিৰ সৈতে আলাপ হব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হব৷ আদালতত কোনো গোচৰ চলিলে জয়ী হব৷ অশ্লেষা নক্ষত্ৰৰ প্ৰভাৱত শত্ৰুক পৰাজিত কৰিব পাৰিব৷ আৰ্থিক বিষয়ত কোনো সিদ্ধান্ত কাইলৈ ল’ব পাৰে৷ সিদ্ধি যোগৰ শুভ প্ৰভাৱত কাইলৈ সকলো সমস্যাৰ পৰা মুক্ত হব পাৰে৷ ব্যৱসায়ত বৃহৎ সাফল্য পাব পাৰে৷
কুম্ভ ৰাশি
কাইলৈ ২৬ জুলাই লাভজনক দিন হ’ব কুম্ভ ৰাশিৰ জাতকৰ বাবে৷ শৰীৰ স্বাস্থ্য কাইলৈ ভালে থাকিব আপোনাৰ৷ শনিবাৰে বন্ধুৰ সৈতে ভাল দিন কটাব৷ কৰ্মক্ষেত্ৰত যি সাফল্য আপুনি বহু দিন ধৰি পোৱাৰ চেষ্টা কৰিছিল কাইলৈ লাভ কৰা সম্ভৱ হ’ব পাৰে৷ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















