শাস্ত্ৰত শনিক কৰ্মফলৰ দেৱতা বুলি কোৱা হয়৷ শনিয়ে সকলোকে কৰ্ম ফল দান কৰে৷ ভাল কাম কৰিলে যেনেকৈ শনিৰ দয়াত ভাল ফল লাভ কৰে তেনেকৈ বেয়া কাম কৰিচে শনিৰ নিৰ্মম শাস্তিত জীৱন ছাৰখাৰ হৈ যায়৷ কোৱা হৈছে শনিৰ শুভ দৃষ্টিত যেনেকৈ জাতকৰ জীৱন স্বৰ্গত পৰিণত হয় তেনেকৈয়ে শনিৰ কুদৃষ্টিত নৰক যন্ত্ৰণা সহ্য কৰিব লগা হয় জাতকে৷ শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ সেয়ে এই দিনটোত কিছুমান কাম কৰিব নালাগে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি শনিবাৰে কিছুকাম কৰিলে শনি ৰুষ্ট হয়৷ জানি থওক শনিবাৰে কি কি কাম নকৰিব৷
নখ-চুলি নাকাটিব
শাস্ত্ৰ অনুসৰি শনিবাৰে ভুলতো নখ আৰু চুলি নাকাটিব৷ এই দিনটোত দাঢ়ি কটাও অনুচিত৷ ইয়াৰ ফলত শনিৰ অশুভ প্ৰভাৱ আপোনাৰ জীৱনত পৰিব পাৰে৷ শনিবাৰে এই কাম কৰিলে শনিৰ দশাই আপোনাৰ জীৱন নৰক কৰি পেলাব পাৰে৷
লো ক্ৰয় নকৰিব
লো শনিৰ সৈতে সম্পৰ্কযুক্ত৷ সেয়ে লোহাৰে তৈয়াৰ কৰা কোনো সামগ্ৰী শনিবাৰে ক্ৰয় কৰা অনুচিত৷ শনিবাৰে লোহাৰে তৈয়াৰ কৰা সামগ্ৰী ক্ৰয় কৰিলে আপোনাৰ সাংসৰিক জীৱনত অশান্তি তৈয়াৰ কৰিব পাৰে৷ পাৰিবাৰিক সম্পৰ্কসমূহৰ প্ৰভাৱ ব্যাহত হয়৷ শনিবাৰে যদি ভুলতে কোনো বিশেষ প্ৰয়োজনত লোহা ক্ৰয় কৰে তেন্তে ঘৰলৈ নানিব বাহিৰতেই ৰাখি থব৷ শনিবাৰে লোহাৰ সামগ্ৰী ক্ৰয় কৰিলে শনিৰ ৰোষত পৰিব আপুনি৷
নিমখ ক্ৰয় নকৰিব
শনিবাৰে নিমখ ক্ৰয় কৰা উচিত নহয়৷ শনিবাৰে নিমখ ক্ৰয় কৰিলে ঋণত পৰিব পাৰে আপুনি৷ শনিবাৰে মিঠাতেল ক্ৰয় কৰাও অনুচিত৷ যদি শনিবাৰে ঘৰত তেল ক্ৰয় কৰে তেন্তে তীব্ৰ আৰ্থিক সংকটৰ মুখত পৰিব লগা হয়৷
আমিষ নাখাব
শনিবাৰে মাছ, মাংসৰ পৰা দূৰত থাকক৷ এই দিনটোত আমিষ ভুলতো নাখাব৷ শনিবাৰে আমিষ খালে তাৰ অশুভ প্ৰভাৱ আমাৰ জীৱনত পৰে৷ শনিবাৰে আমিষ খালে আৰু মদ্যপান কৰিলে নিৰ্দয়ভাৱে শাস্তি দিয়ে শনিদেৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ