প্ৰেম কাকো সুধি নাহে৷ কেতিয়া কোন কাৰ প্ৰেমত পৰিব আগতীয়াকৈ কোনোৱেই ক’ব নোৱাৰে৷ প্ৰেম হঠাতেই হয়৷ অথচ এই হঠাৎ শিহৰণ তোলা এই অনুভূমি সদায়ে সুমধুৰ হয়৷ এই সকলোবোৰৰ মাজত প্ৰথম প্ৰেমৰ অনুভূতি সদায়ে পৃথক৷ সকলোসময়তে ভালপোৱা মানুহজনৰ বাবে বুকু দুৰুদুৰকৈ কঁপা, নতুন নতুন উপহাৰেৰে চাৰপ্ৰাইজ দিয়া আদি প্ৰেমৰ সৈতে সম্পৰ্কিত বিষয়৷ প্ৰেমত থাকে বন্ধনহীন আৱেগ, সংগীক কাষত পোৱাৰ অন্তহীন অপেক্ষা, দুচকুত থাকে সপোন৷
প্ৰেম যিমানেই নতুন হয় সিমানেই উচ্ছ্বাস থাকে৷ প্ৰেম অভিজ্ঞ হৈ উঠিলে সম্পৰ্কও মজবুত হৈ গৈ থাকে৷ সম্পৰ্কৰ সমীকৰণ কিমান মজবুত হ’ব সেয়া এজনৰ ওপৰত থকা আনজন বিশ্বাস আৰু ভালপোৱাৰ ওপৰত নিৰ্ভৰ কৰে৷ ভালপোৱাৰেই সম্পৰ্ক এটা দীৰ্ঘস্থায়ী হয় তেনে নহয়৷ সম্পৰ্ক এটা ধৰি ৰাখিবলৈ অন্য কেইবাটাও বিষয় মূৰত ৰাখিব লাগে৷ সৰু সৰু কেইটামান কৌশলেই হৈ উঠে প্ৰেম শক্তিশালী হোৱাৰ চাবিকাঠি৷
১) সম্পৰ্কত সময় দিয়াটো খুবেই জৰুৰী৷ সেয়া নতুনেই হওক বা পুৰণি৷ সম্ভৱ হ’লে দিনত এবাৰ হ’লেও ভালপোৱা ব্যক্তিজনৰ সৈতে মন খুলি কথা পাতক৷ লগ কৰক৷ সেম সময়ত নিজৰ পেছাগত জটিলতাৰ কথা নহয় অকল প্ৰেমৰ কথাকেই পাতক৷
২) এজনে আনজনৰ বাবে স্বাৰ্থত্যাগ কৰাটো খুবেই জৰুৰী৷ মনত অভিমান পুহি ৰাখি সম্পৰ্কক আৰু জটিল কৰা উচিত নহয়৷ দৰকাৰ হ’লে এজনে আনজনৰ সৈতে সকলোবোৰ কথাই খুলিভাঙি পাতক৷ নিজৰ পছন্দ-অপছন্দৰ বিষয়সমূহৰ ওপৰতো আলোচনা কৰক৷
৬) সম্পৰ্কত কোনো জড়তা নাৰাখিব৷ সম্পৰ্ক সহজ কৰি তুলিবলৈ কোনো কথাই লুকুৱাই নাৰাখিব৷ সংগীৰ কোনো আচৰণ বেয়া লাগিলে সেই সম্পৰ্কে মুকলিকৈ আলোচনা কৰক৷
৭) এজনে আনজনৰ কাষত থাকক৷ পৰিস্থিতি যিমানই জটিল নহওক কিয়, যিমানেই বাধা বিপত্তি নাহক কিয় পৰস্পৰৰ হাতত ধৰি আগবাঢ়ক৷
৮) এজনে আনজনৰ বেয়া সময়ত মানসিক সংগী হওক৷ সম্পৰ্ক ভালে ৰাখিবলৈ মানৱিক স্পৰ্শও জৰুৰী৷
৯) প্ৰেমত পৰিলে প্ৰেয়সী বা প্ৰেমিকে নিশ্চিত এক আশ্ৰয়ৰ সন্ধান কৰে৷ সেই ভৰসা আপুনি সংগীক দিয়ক৷
১০) ভালপোৱা মানুহজনক বাৰে বাৰে ভালপোৱাৰ কথা কওক৷ ভাল সম্পৰ্কৰ বাবে কেৱল ভালপোৱাই জৰুৰী নহয় প্ৰয়োজন প্ৰকাশৰো৷
১১) দায়িত্ব গ্ৰহণ কৰিবলৈ শিকক৷ সম্পৰ্ক জীয়াই ৰখাৰ অন্যতম চৰ্ত হৈছে দায়িত্ব লোৱাৰ সাহস৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ