অসম লাইভ২৪ঃ ২০২৪ চনত শনিয়ে ৰাশি পৰিবৰ্তন নকৰে৷ কুম্ভ ৰাশিতেই বিৰাজ কৰিব এই গ্ৰহই৷ এই বছৰ শনিৰ বাবেই বিভিন্ন পৰিবৰ্তন আহিব বিভিন্ন ৰাশিৰ জাতকৰ৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি শনিয়ে ৩০ জুনৰ দুপৰীয়া ১২ বাজি ৩৫ মিনিটত বক্ৰী হ’ব৷ ১৫ নৱেম্বৰৰ সন্ধিয়া ৭ বাজি ৫২ মিনিট পৰ্যন্ত বক্ৰী হৈ থাকিব এই গ্ৰহ৷ শনিৰ বক্ৰী গতিয়ে প্ৰতিটো জনজীৱনকহে প্ৰভাৱিত কৰিব৷ এই সময়ত কিছু ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব৷ কিছু কিছু ৰাশিৰ জাতকলৈ শনিৰ বক্ৰী দশাই লাভৰ সুযোগ আনিব৷ শনিৰ বক্ৰী গতিৰ কাৰণে কোন কোন ৰাশিৰ জাতকৰ উন্নতি হ’ব জানি থওক সবিশেষ৷
বৃষ ৰাশি
শনিৰ বক্ৰী দশাই বৃষ ৰাশিৰ জাতকক বিশেষ লাভ প্ৰদান কৰিব৷ এই ৰাশিৰ যিসকল জাতক নতুন চাকৰিৰ সন্ধানত আছে তেওঁলোকলৈ নতুন সুযোগ আহিব৷ পৰিশ্ৰমৰ ফলাফল পাব এই ৰাশিৰ জাতকে৷ বোনাছো পাব পাৰে৷ দৰমহাবৃদ্ধি হ’ব পাৰে৷ ইয়াৰোপৰি কোনো ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ মান সন্মান বাঢ়িব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ ইয়াৰোপৰি আপোনাৰ বেংক বেলেন্স বাঢ়িব৷ ব্যৱসায়ত ভাল মুনাফা অৰ্জন কৰিব পাৰে এই ৰাশিৰ জাতকে৷ দীৰ্ঘদিন ধৰি কোনো কাম ৰৈ থাকিলে সেই কাম সম্পন্ন হ’ব৷ পৈতৃক সম্পত্তি লাভ কৰিব পাৰে৷
সিংহ ৰাশি
জ্যোতিষ গণনা অনুসৰি এই ৰাশিৰ সপ্তম স্থানত শনি বক্ৰী হ’ব৷ শনিৰ আশীৰ্বাদতেই ভাল সময় কটাব এই ৰাশিৰ জাতকে৷ ব্যৱসায়ত মুনাফা অৰ্জন কৰিব পাৰে৷ উন্নতিৰ ওপৰিও প্ৰচুৰ অৰ্থ উপাৰ্জনৰ সম্ভাৱনা আছে৷ দাম্পত্য জীৱনত মাধুৰ্য আৰু আনন্দ থাকিব৷ চাকৰিত উন্নতি, লাভৰ প্ৰৱল সম্ভাৱনা আছে৷ এই বছৰত ধন সম্পদ লাভ কৰিব এই ৰাশিৰ জাতকে৷
তুলা ৰাশি
বক্ৰী আৰু শনিৰ কৃপাত তুলা ৰাশিৰ জাতকৰ কেৰিয়াৰলৈ লাভ আহিব৷ নতুন চাকৰিৰ সন্ধানত থকাসকলে সাফল্য লাভ কৰিব৷ আয়ৰ নতুন পথ প্ৰশস্ত হ’ব৷ ইয়াৰোপৰি তুলা ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ পৰিশ্ৰমৰ পূৰ্ণ ফলাফল লাভ কৰিব এই ৰাশিৰ জাতকে৷ কেৰিয়াৰত অগ্ৰগতি৷ সমস্ত ক্ষেত্ৰত সফলতা লাভ কৰিব এই ৰাশিৰ জাতকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ