অসম লাইভ২৪ঃ পেলেষ্টাইনৰ গাজাৰ পৰিস্থিতিক লৈ উদ্বিগ্ন এতিয়া ছৌদি আৰৱ চৰকাৰ। মুছলমান দেশসমূহৰ সৈতে গাজাৰ পৰিস্থিতি সন্দৰ্ভত জৰুৰী বৈঠকৰ আয়োজন কৰিছে ছৌদি আৰৱে। অৰ্গেনাইজেছন অৱ ইছলামিক কো অপাৰেছনৰ সদস্য দেশসমূহৰ প্ৰতিনিধিৰ সৈতে বৈঠকৰ আয়োজন কৰিছে ছৌদি চৰকাৰে। ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ পৰিস্থিতিক লৈ এই বৈঠকত আলোচনা কৰা হ’ব বুলি আন্তৰাষ্ট্ৰীয় প্ৰায়সমূহ সংবাদপত্ৰত প্ৰকাশিত হৈছে।
মুছলমান দেশসমূহৰ সংগঠন ‘অৰ্গেনাইজেছন অৱ ইছলামিক কো অপাৰেছন’ত ৫৭ খন সদস্য দেশ আছে। সেই দেশসমূহলৈ ছৌদিৰ বৈদেশিক মন্ত্ৰীয়ে বিশেষ পত্ৰ প্ৰেৰণ কৰিছে।এই বৈঠক অনুষ্ঠিত হ’ব আগন্তুক বুধবাৰে ছৌদি আৰৱৰ জেড্ডা চহৰত। ‘অৰ্গেনাইজেছন অৱ ইছলামিক কো অপাৰেছন’ৰ তৰফৰ পৰা দিয়া বিবৃতি অনুসৰি গাজা আৰু তাৰ পাৰ্শ্ববৰ্তী এলেকাৰ ক্ৰমবৰ্ধমান সামৰিক পৰিস্থিতিয়ে সেই অঞ্চলৰ পৰিস্থিতিয়ে সেই অঞ্চলৰ স্থিতিশীলতাক বিনষ্ট কৰিছে। নাগৰিকসকলৰ জীৱন বিপন্ন হৈ উঠিছে। গাজাৰ নিৰাপত্তা ব্যৱস্থাও বিধ্বস্ত হৈ পৰিছে। এই সামগ্ৰিক পৰিস্থিতিক লৈ মুছলমান দেশসমূহৰ সৈতে আলোচনাত বহিব ছৌদি আৰৱ।
উল্লেখ্য যে ‘অৰ্গেনাইজেছন অৱ ইছলামিক কো অপাৰেছন’ৰ তালিকাত আছে তুৰস্ক, ইৰাণ, মিছৰ, বাংলাদেশকে ধৰি মুঠ ৫৭খন দেশ। ছৌদিৰ এই জৰুৰী বৈঠকৰ সিদ্ধান্তই আন্তৰ্জাতিক ভূ-ৰাজনীতিত আলোড়ন সৃষ্টি কৰিছে। ইজৰাইলৰ বিৰুদ্ধে গাজাৰ সমৰ্থনত কোনো প্ৰত্যাঘাত গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। ইজৰাইলৰ বিপৰীতে একগোট হৈ এই সদস্য দেশসমূহে কি সিদ্ধান্তত উপনীত হ’ব?
বিগত ৭ অক্টোবৰত ইজৰাইলৰ ভূখণ্ডত সোমাই আক্ৰমণ কৰিছিল পেলেষ্টাইনীয় সশস্ত্ৰ সংগঠন হামাছে। তেওঁলোকৰ আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাইছিল। তাৰপিছতেই হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুয়ে। তেতিয়াৰে পৰাই পশ্চিম এছিয়াৰ সেই ভুখণ্ডত যুদ্ধ অব্যাহত আছে। প্ৰতিনিয়ত ছাইৰেণৰ শব্দ, ৰকেট আক্ৰমণ, ক্ষেপণাস্ত্ৰ প্ৰয়োগে বিধ্বস্ত কৰিছে ইজৰাইল আৰু গাজা দুই অঞ্চলকেই। হামাছক ধ্বংস কৰাৰ সিদ্ধান্ত লৈছে নেতানিয়াহু। যুদ্ধত আমেৰিকাসহ পশ্চিমী দেশসমূহে সমৰ্থন লাভ কৰিছে। ভাৰতেও ইজৰাইলৰ কাষতেই থিয় দিছে এই যুদ্ধত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ