ছ’চিয়েল মিডিয়াৰ নিয়ন্ত্ৰণক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলি আহিছে। এটা পক্ষই দাবী কৰি আহিছে যে ছ’চিয়েল মিডিয়াৰ ওপৰত কিছু নিয়ন্ত্ৰণ থাকিব লাগে৷ কিন্তু আন একাংশৰ মতে ছ’চিয়েল মিডিয়া মুক্ত হৈ থাকিব লাগে কাৰণ বহু দেশত ই জনসাধাৰণৰ কণ্ঠস্বৰক সঠিকভাৱে তুলি ধৰিছে।
ইয়াৰ মাজতে এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে যে চৌদি আৰৱৰ এগৰাকী ৩৪ বছৰীয়া মহিলাক টুইটাৰত টুইট কৰাৰ বাবে ৩৪ বছৰৰ কাৰাদণ্ড বিহা হৈছে।
দ্য গাৰ্ডিয়ানত প্ৰকাশিত এক বাতৰি অনুসৰি ৩৪ বছৰীয়া ছালমা আল শ্বেহাবক এই শাস্তি প্ৰদান কৰা হৈছে। লিডছ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মহিলাগৰাকীয়ে টুইটাৰত একাংশ সমাজকৰ্মীক ফ’ল’ কৰি তেওঁলোকৰ টুইটত ৰিটুইট কৰাৰ অভিযোগ উত্থাপন হৈছে।
লগতে পঢ়ক বিষাক্ত কিং কোব্ৰাই দংশন কৰিলে যুৱকক! কেনেকৈ ৰক্ষা পৰিল তেওঁৰ জীৱন? চাওক ভিডিঅ’…
এই অভিযোগৰ ভিত্তিতে এই মহিলাগৰাকীয়ে ছুটীত ঘৰলৈ আহোতে ছৌদিৰ এক আদালতে তেওঁক ৩৪ বছৰৰ কাৰাদণ্ড বিহে।
প্ৰতিবেদন অনুসৰি, মহিলাগৰাকীক চৌদি আৰৱৰ বিশেষ সন্ত্ৰাসবাদী আদালতে এই শাস্তি প্ৰদান কৰিছে। আচৰিত কথাটো হ’ল যে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানে ছৌদি আৰৱৰ ছ’ভাৰেইন ৱেলথ ফাণ্ডৰ জৰিয়তে আমেৰিকাৰ ছ’চিয়েল মিডিয়া কোম্পানীটোৰ এটা পৰোক্ষ বৃহৎ অংশীদাৰিত্ব নিয়ন্ত্ৰণ কৰাৰ সময়ত মহিলাগৰাকীয়ে কৰা টুইটৰ বাবে শাস্তি বিহা হৈছে।
লগতে পঢ়ক ‘মহিলাই যৌন উত্তেজনক কাপোৰৰ পিন্ধিলে যৌন নিৰ্যাতনৰ অভিযোগ বিবেচনা কৰা নহ’ব!’
অৱশ্যে মহিলাগৰাকীয়ে এতিয়াও এই শাস্তিৰ প্ৰত্যাহ্বান জনাই আদালতত আবেদন কৰিব পাৰিব বুলিও প্ৰতিবেদনত কোৱা হৈছে। একে সময়তে আন এক প্ৰতিবেদন অনুসৰি ছৌদি চৰকাৰে অভিযোগ উত্থাপন কৰিছে যে টুইটাৰৰ জৰিয়তে ছালমাই জনসাধাৰণৰ মাজত অশান্তি সৃষ্টি কৰিব বিচাৰিছে আৰু তেওঁৰ টুইটে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিও কঢ়িয়াই আনিছে।
জানিব পৰা মতে মহিলাগৰাকীৰ দুই সন্তানৰ মাতৃ। ইয়াৰে এটিৰ বয়স ৪ বছৰ আৰু আনটোৰ বয়স ৬ বছৰ। ইয়াৰ পূৰ্বে তেওঁক ৬ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। কিন্তু সোমবাৰে ছৌদি সন্ত্ৰাসবাদ আদালতে তেওঁৰ শাস্তি ৩৪ বছৰলৈ বৃদ্ধি কৰে। ছালমাৰ শাস্তি সম্পূৰ্ণ হ’লেই ইয়াৰ পিছত ৩৪ বছৰীয়া ভ্ৰমণ-নিষেধাজ্ঞাও কাৰ্যকৰী কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ