এখন সুন্দৰ ঘৰ নিৰ্মাণৰ সপোন কোনে নেদেখে? কভিডৰ পৰবৰ্তী সময়ৰ পৰাই নিজা এখন ঘৰ নিৰ্মাণৰ কথা প্ৰায়সকলেই ভাৱিবলৈ লৈছে৷ কিন্তু ঘৰ নিৰ্মাণৰ সপোন দেখিলেই এখন ঘৰ নিৰ্মাণ কৰাটোও সহজ কথা নহয়৷ এখন সাধাৰণ ঘৰ নিৰ্মাণ বুলি ক’লেই আহে কেইবালাখ টকাৰ কথা৷ কিন্তু এই সপোন সাকাৰ কৰাৰ বাবে আপোনাক সহায় কৰিব পাৰে বেংকে৷ অৰ্থাৎ হোম লোন লৈ আপুনি ঘৰ নিৰ্মাণৰ সপোন পূৰ্ণ কৰিব পাৰে৷ এই লোন EMIৰ মাধ্যমেৰে শোধ কৰিব পাৰে৷
হোম লোনৰ মাহিলী EMI দৰমহাৰ ৩০শতাংশতকৈ বেছি হোৱা উচিত নহয়৷ কোনোৱে যদি SBIৰ পৰা ৫০ লাখ টকাৰ হোম লোন লয় তেতিয়া মাহিলী দৰমহা কিমান হোৱা উচিত?
বহুতেই হোম লোন লয় কিন্তু এই লোন পৰিশোধ সময়ত কৰিব নোৱাৰে৷ এই কাৰণতেই হোম লোন লোৱাৰ সময়ত ব্যক্তিয়ে নিজৰ দৰমহাৰ কথাটোও ভাৱিব লাগে৷ নিজৰ দৰমহাৰ কথা মূৰত ৰাখিহে হোম লোন গ্ৰহণ কৰিব৷ হোম লোনৰ মাহিলী EMI দৰমহাৰ ৩০শতাংশতকৈ বেছি হোৱা উচিত নহয়৷
SBI হোম লোন
যদি আমি ভাৰতৰ বৃহত্তম চৰকাৰী বেংক অৰ্থাৎ SBI ৰ হোম লোনৰ সুদৰ হাৰ সম্পৰ্কে চাওঁ তেন্তে ৰেপো ৰেট কমোৱাৰ পাছত এয়া ৮.২৫ শতাংশৰ পৰা আৰম্ভ হয়৷ কোনোৱে যদি SBIৰ পৰা ৫০ লাখ টকাৰ হোম লোন ল’ব খোজে তেন্তে মাহিলী EMI হ’ব ৩৮,০০০ টকা৷ ৩০ বছৰ ধৰি আপুনি এই ধন পৰিশোধ কৰিব লাগিব৷ এই পৰিস্থিতিত আপোনাৰ মাহিলী দৰমহা হ’ব লাগিব প্ৰায় ৭৬,০০০ টকা৷ যদি দৰমহা ইয়াতকৈ কম হয় তেতিয়া লোনৰ EMI পৰিশোধ কৰা আপোনাৰ পক্ষে কঠিন হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ