অসম লাইভ২৪ঃ বেংকত চাকৰি কৰিবলৈ আগ্ৰহী নেকি? ভাৰতীয় ষ্টেট বেংকত ওলাইছে চাকৰি। ষ্টেট বেংক অৱ ইণ্ডিয়াই দিছে বহুকেইটা পদৰ বাবে বিজ্ঞাপন। SBI-এ মুঠ ১৪৩৮ টা পদৰ বাবে দিছে এই বিজ্ঞাপন। এইসমূহ পদৰ বাবে সমগ্ৰ দেশৰ প্ৰাৰ্থীয়েই জনাব পাৰে আবেদন। https://bank.sbi/careers কিংবা https://www.sbi.co.in/careers-ত গৈ কৰিব পাৰিব আবেদন। ইয়াৰোপৰি বিজ্ঞাপনত দিয়া অনুসাৰে ২০২২ চনৰ ২২ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ১০ জানুৱাৰীলৈকে কৰিব পাৰিব আবেদন।
আবেদনকাৰীসকলৰ শিক্ষাগত অৰ্হতা প্ৰত্যেকৰে বাবে পৃথক পৃথক হ’ব। ইয়াৰোপৰি পেছাগত দক্ষতা থকাটোও বাঞ্চনীয়।
বয়সৰ সময়সীমা
প্ৰায়সমূহ চাকৰিতেই অৱসৰপ্ৰাপ্ত ব্যক্তিৰ বয়স ৬০ বছৰ। এই বয়সৰ তলৰ সকলো প্ৰাৰ্থীয়েই আৱেদন কৰিব পাৰিব।
নিৰ্বাচন প্ৰক্ৰিয়া
এই পদত আবেদন কৰিবলগা প্ৰাৰ্থীসকলে কোনো বাছনি পৰীক্ষা দিব নালাগে। নূন্যতম যোগ্যতা থাকিলেই এপ্লাই কৰাৰ পাছতেই প্ৰাৰ্থীজনক ইণ্টাৰভিউৰ বাবে মাতিব। বেংক কৰ্তৃপক্ষই লোৱা ইণ্টাৰভিউৰ পাছতেই বাছনী হোৱা প্ৰাৰ্থীসকলৰ কাট অৱ মাৰ্কৰ ভিত্তিতেই নিয়োগ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ