২০১৫ চনত ৮৪ লাখ টকা দি বিলাসবহুল বাহন ক্ৰয় কৰিছিল দিল্লীৰ এগৰাকী ব্যক্তিয়ে৷ সেয়া সম্প্ৰতি বিক্ৰি কৰিছে গাড়ীৰ মালিকে৷ এই বাহন বিক্ৰি কৰি তেওঁ লাভ কৰিছে মাত্ৰ আঢ়ৈ লাখ টকা৷ এয়া মাত্ৰ এটা উদাহৰণহে৷ বিগত কেইবাদিনত এই ধৰণৰ কেইবাটাও খবৰ ভাইৰেল হৈছে৷
আদালতৰ নিৰ্দেশতেই পুৰণি বাহনক লৈ কাঢ়া হৈছে দিল্লী চৰকাৰ৷ জুলাই মাহৰ পৰা ১০ বছৰ পুৰণি ডিজেল গাড়ী আৰু ১৫ বছৰ পুৰণি পেট্ৰলৰ গাড়ীত ভৰাব নোৱাৰিব ইন্ধন৷ এই ঘোষণাৰ পাছৰে পৰাই নেশ্ব্যনেল কেপিটেল ৰিজনত ছেকেণ্ড হেণ্ড বাহন বিক্ৰীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷
ইন্ধন সংক্ৰান্তিয় নিষেধাজ্ঞাৰ পাছৰে পৰাই ছেকেণ্ড হেণ্ড বাহনৰ বিক্ৰী ৪০ৰ পৰা ৫০ শতাংশ পৰ্যন্ত কমিছে৷ সম্প্ৰতি এই কথা জনাইছে চেম্বাৰ অফ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰিয়ে৷ চিটিআইৰ চেয়াৰমেন ব্ৰিজেছ গোৱেলে জনাইছে যে দিল্লীত পুৰণি গাড়ীৰ বজাৰ ব্যাপকভাৱে ক্ষতিগ্ৰস্থ হৈছে এই সিদ্ধান্তৰ ফলত৷ ইয়াৰ প্ৰভাৱ ৬০ লাখ পুৰণি বাহনৰ ওপৰত পৰিছে৷
এণ্ড টু লাইফ ভেহিকেলক লৈ যি নিষেধাজ্ঞা জাৰি হৈছে দিল্লীত তাকে লৈ ব্যাপক প্ৰভাৱ পৰিছে পুৰণি বাহনৰ দামত৷ ব্ৰিজেছ গোৱেল নিজেও এজন পুৰণি বাহনৰ ব্যৱসায়ী৷ তেওঁৰ দাবী, ‘পৰিস্থিতিৰ বাবেই ছেকেণ্ড হেণ্ড বাহন কম দামত বিক্ৰি কৰিবলৈ বাধ্য হৈছে ট্ৰেডাৰসকল৷ বিগত ৫ দিন ধৰি ছেকেণ্ড হেণ্ড গাড়ীৰ দাম ৪০-৫০শতাংশ পৰ্যন্ত কমি গৈছে৷ দিল্লীৰ ব্যৱসায়ীয়ে বাহনৰ দামতকৈ বহু কম দামত বিক্ৰি কৰিবলৈ বাধ্য হৈছে তেওঁলোক৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















