অসম লাইভ২৪ঃ হিন্দুধৰ্মত চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ বিশেষ মহত্ব আছে। সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণক অশুভ ঘটনা বুলিয়েই মনা হয় হিন্দু শাস্ত্ৰত। ২০২৩ চনত মুঠ ৪টা গ্ৰহণ আছে। দুটা চন্দ্ৰগ্ৰহণ আৰু দুটা সূৰ্যগ্ৰহণ। ইতিমধ্যে দুটা চন্দ্ৰগ্ৰহণ আৰু দুটা সূৰ্যগ্ৰহণ হৈয়েই গৈছে। আন দুটা গ্ৰহণ কেতিয়া?
বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ আছে ২৯ অক্টোবৰত। হিন্দু কেলেণ্ডাৰ অনুযায়ী চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব দুপৰীয়া ১.০৬ মিনিটৰ পৰা আৰু শেষ হ’ব দুপৰীয়া ২.২২ মিনিটত। বিশেষকৈ ভাৰতত এই গ্ৰহণ স্পষ্টভাৱে দৃশ্যমান হ’ব। এই গ্ৰহণ হ’ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ।
ভাৰতৰ ওপৰিও ক’ত ক’ত এই গ্ৰহণ দৃশ্যমান হ’ব?
ভাৰতৰ ওপৰিও এই গ্ৰহণ দৃশ্যমান হ’ব ইউৰোপ, এছিয়া, অষ্ট্ৰেলিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, উত্তৰ আৰু পূব দক্ষিণ আমেৰিকা, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, এণ্টাৰ্টিকাত দৃশ্যমান হ’ব এই গ্ৰহণ।
দ্বিতীয় সূৰ্যগ্ৰহণ কেতিয়া?
এই বৰ্ষৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ আছে ১৪অক্টোবৰত। সূৰ্যগ্ৰহণৰ নিশা ৮.৩৪ মিনিটৰ পৰা আৰম্ভ হৈ দুপৰীয়া ২.৫৫মিনিটলৈ থাকিব এই গ্ৰহণ। দ্বিতীয় সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব? এই সূৰ্যগ্ৰহণ দেখা যাব পশ্চিম আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আটলাণ্টিক আৰু আৰ্কাটিক অঞ্চলত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ