কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰীলৈ অচিৰেই আহিব ভাল খবৰ৷ অতি সোনকালে চলিত দৰমহাৰ দুগুণ দৰমহা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীয়ে। এই সন্দৰ্ভত চৰকাৰে অচিৰেই ল’ব বিশেষ প্ৰস্তাৱ।
ব্যক্তিগত খণ্ডৰ সৈতে খোজ মিলাই চলাৰ চেষ্টা
বিশেষ প্ৰস্তাৱ কাৰ্যকৰী হোৱাৰ পিছতে সংশ্লিষ্ট কোম্পানীসমূহৰ শীৰ্ষ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব পাৰে। দৰাচলতে চৰকাৰী কোম্পানীত কাম কৰা শীৰ্ষ কাৰ্যবাহীসকলে ব্যক্তিগত খণ্ডৰ সমকক্ষসকলতকৈ কম দৰমহা পায়। এনে পৰিস্থিতিত শীৰ্ষ পৰ্যায়ৰ বহু কৰ্মচাৰীয়ে ব্যক্তিগত খণ্ডলৈ ঢাপলি মেলে৷
প্ৰদৰ্শন অনুসৰি বৃদ্ধি পাব দৰমহা
কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ ভিতৰত যাৰ ব্যৱসায় ১০০ কোটিতকৈ অধিক তেওঁলোকেহে এই সুবিধা লাভ কৰিব। দৰমহা বৃদ্ধিৰ বাবে এজন কৰ্মচাৰীৰ কামৰ প্ৰদৰ্শনতো নজৰ দিব কেন্দ্ৰই৷ এই সন্দৰ্ভত কেন্দ্ৰৰ অনুসন্ধান কমিটিয়ে জনোৱা মতে, ৰাজহুৱা উদ্যোগ বাছনি ব’ৰ্ডৰ পৰা পোৱা প্ৰস্তাৱক লৈ তেওঁলোকে পৰ্যবেক্ষণ চলাই আছে৷ নতুন পেকেজ কেনে হ’লে কৰ্মচাৰী আকৰ্ষিত হ’ব সেই সন্দৰ্ভতো তেওঁলোকে বাচনি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷
বাজেটৰ পূৰ্বে এই প্ৰস্তাৱ কেবিনেটলৈ যাব
এই প্ৰস্তাৱ বাজেট দাখিলৰ পূৰ্বে অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীলৈ প্ৰেৰণ কৰিব। ইয়াৰ পিছত কেবিনেট কমিটীয়ে এই প্ৰস্তাৱ বিবেচনা কৰিব। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ বাজেট এই মাহত দাখিল হ’ব৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ফেব্ৰুৱাৰী মাহত দাখিল কৰিছিল অন্তৱৰ্তীকালীন বাজেট। নিৰ্বাচনীবৰ্ষৰ বাবে সেই সময়ত অন্তৱৰ্তীকালীন বাজেট দিয়া হৈছিল৷ পূৰ্ণকালীন বাজেটত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ বিষয়টোৱে বিশেষ নজৰ কাঢ়িব বুলি কেইবাগৰাকীও পৰ্যবেক্ষকে মন্তব্য কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















