শ্ৰেণী কক্ষত অসৎ কৰ্মত লিপ্ত হৈ মহাবিদ্যালয়ৰ ৭ গৰাকীকৈ শিক্ষাৰ্থীয়ে নিলম্বিত হৈছে৷ এই আপত্তিজনক কাণ্ডটো অসমৰে এখন মহাবিদ্যালয়ত সংঘটিত হৈছে৷
শিচলৰৰ ৰামানুজ গুপ্তা মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে ইজনে সিজনক সাৱটি ধৰি থকা অৱস্থাতে ধৰা পৰে৷ জানিব পৰা মতে একেটা শ্ৰেণীৰে এগৰাকী শিক্ষাৰ্থীয়ে তেওঁলোকৰ এই কাণ্ডৰ ভিডিঅ’ ৰেৰ্ডিং কৰিছিল৷
ইয়াৰ পিছতে উক্ত ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰলে হৈ পৰে৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীকেইগৰাকীৰ এই কাণ্ডক নেটনাগৰিকসকলে তীব্ৰ ভাষাৰে সমালোচনা কৰে৷
লগতে পঢ়ক অসমতো জাত-পাতৰ নিলৰ্জ ছবি! গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰ প্ৰশাসনৰ
আনকি একাংশই মহাবিদ্যালয় প্ৰশাসনক দোষাৰোপ কৰিছে। বুধবাৰে মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিষয়টো দৃষ্টিগোচৰ হোৱাত এই কাণ্ডত জড়িত শিক্ষানুষ্ঠানখনৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীক নিলম্বন কৰে। সাতগৰাকী শিক্ষাৰ্থীৰ ভিতৰত চাৰিগৰাকী ছাত্ৰী আৰু তিনিগৰাকী ছাত্ৰ আছে৷
মহাবিদ্যালয় প্ৰশাসনে জাননী জাৰি কৰি ছাত্ৰ-ছাত্ৰীসকলক স্পষ্টভাৱে অশ্লীল কাৰ্যত জড়িত আছিল বুলি জনাইছে। এনে কাৰ্যকলাপে শিক্ষাষ্ঠানখনৰ অনুশাসনৰ পৰিপন্থী আৰু সেয়ে ঘটনাৰে জড়িত ছাত্ৰ-ছাত্ৰীকেইগৰাকীক অনিৰ্দিষ্টকাললৈ শ্ৰেণীত উপস্থিত থকাৰ পৰা নিলম্বন কৰা হৈছে।
মহাবিদ্যালয়ৰ অধ্যক্ষ পূৰ্ণদীপ চন্দাই কয় যে, কোনো শিক্ষক উপস্থিত নথকা অৱস্থাত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে এই অশোভনীয় কাম কৰিছিল। মহাবিদ্যালয় চৌহদত আমাৰ চিচিটিভি কেমেৰা আছে আৰু চৌহদত মোবাইল ফোন নিয়াও নিষিদ্ধ। তেওঁ লগতে কয় যে ছাত্ৰ-ছাত্ৰীসকল একাদশ শ্ৰেণীৰ নতুন শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানখনত যোগদান কৰাৰ প্ৰায় ১৫ দিনহে হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ