বিভিন্ন সময়ত স্পা, বিউটি পাৰ্লাৰ আদিত আৰক্ষীয়ে অভিযান চলাই দেহ ব্যৱসায়ত জড়িত থকা লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে সেই প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ব্যৱস্থা লৈ আহিলেও এই কাৰ্য বন্ধ হোৱাৰ নামেই নলয়৷
বৰং স্পা চেলুন আৰু বিউটি পাৰ্লাৰ ব্যৱসায় চলোৱাৰ অজুহাত পুনৰ গোপনে দেহ ব্যৱসায় আৰম্ভ কৰিহে আহিছে৷ এনে দেহ ব্যৱসায় দেশৰ প্ৰতিখন মহানগৰ তথা ডাঙৰ চহৰতে প্ৰায় সুলভ হৈ পৰা দেখা গৈছে৷
এনে এক সময়তে দিল্লী মহানগৰীৰ এখন স্পা চেলুনত দিল্লী আৰক্ষীয়ে অভিযান চলায় এটা বৃহৎ দেহ ব্যৱসায় চক্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে উৎখাত কৰিবলৈ সক্ষম হৈছে৷
লগতে পঢ়ক কোনসকল লোক পৰকীয়া প্ৰেমৰ প্ৰতি আগ্ৰহী হয়? গৱেষণাই কি কয়?
দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ‘ৱেলনেছ স্পা চেণ্টাৰ’ নামৰ চেলুনখনত অভিযান চলায় এগৰাকী কৰ্মচাৰীকে ধৰি ১১ গৰাকী মহিলা-যুৱতীক গ্ৰেপ্তাৰ কৰিছে৷
এক অভিযোগৰ আঁত ধৰি দিল্লী আৰক্ষীৰ এটা দলে দিল্লীৰ গ্ৰীৰ্ণ পাৰ্ক এলেকাত অৱস্থিত চেলুনখনত অতৰ্কিতে অভিযান চলায়৷ আৰক্ষীৰ অতৰ্কিত অভিযানত থৰকাছুটি হেৰুওৱাই নিজৰ মুখ ঢকাত ব্যস্ত হৈ পৰে৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে স্পা চেলুনখনলৈ এগৰাকী ছদ্মবেশী গ্ৰাহক প্ৰেৰণ কৰি চক্ৰটোক জালত পেলায়৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যে দীৰ্ঘদিন ধৰি স্পা চেলুনখনৰ স্বত্বাধিকাৰী ৰাজেশ কুমাৰ গুপ্তাই গ্ৰাহকৰ পৰা মোটা অংকৰ ধন লৈ এই দেহ ব্যৱসায় চলাই আহিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ