প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, কিশোৰীৰ মাতৃয়ে ক’লে যৌন নিৰ্যাতনৰ বলি হৈছে কন্যা
এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এক অতিকে গুৰুতৰ অভিযোগ। এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ মাতৃয়ে কন্যাৰ হৈ উত্থাপন কৰিছে যৌন নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ।
কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অতিকে জনপ্ৰিয় নেতা বিএছ য়েডিয়োৰাপ্পাৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। এগৰাকী ১৭বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ।
ইতিমধ্যে ৩৫৪(A) আই পি চিৰ আধাৰত POCSO আইনৰ অধীনত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বাংগালুৰুত গোচৰ ৰুজু কৰা হৈছে। কিশোৰীগৰাকীৰ মাতৃয়ে এই অভিযোগ অনাৰ পাছতে ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অভিযোগ অনুসৰি, চলিত বৰ্ষৰে ২ ফেব্ৰুৱাৰীৰ দিনা সংঘটিত হৈছিল এই ঘটনা। এক অন্য ঘটনাৰ বাবে সহায় বিচাৰি প্ৰাক্তন মুখ্যমন্ত্ৰী য়েডিয়োৰাপ্পাৰ কাষ চাপিছিল মাতৃ-কন্যা। তেতিয়াই হৈছিল সেই ঘটনা।
উল্লেখ্য যে, য়েডিয়োৰাপ্পাই কৰ্নাটকত মুখ্যমন্ত্ৰী হিচাপে তিনিবাৰকৈ কাৰ্যকাল সম্পন্ন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ