ডিজিটেল ডেস্কঃ আনতকৈ কিছু পৃথক বিষয়ক লৈ পৰিচালক ৰাজকুমাৰ হিৰানীয়ে নিৰ্মাণ কৰা ছবি ডুঙ্কীক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে। বন্ধুত্বৰ আৱেগ, পৰিয়ালৰ প্ৰতি থকা ভালপোৱা আদি সকলোবোৰ বিষয়ক লৈ ৰাজকুমাৰ হিৰানীয়ে এই ছবিখনতো নিজৰ প্ৰতিভাৰ পৰিচয় দিলে। ছবিখনক লৈ সমগ্ৰ বিশ্বত চৰ্চা অব্যাহত আছে যদিও ছবিখনে আশানুৰূপ বক্স অফিচ কালেকশ্যনৰ দৌৰত তুলনামূলকভাৱে পিচ পৰি আছে।
২৮ডিচেম্বৰৰ লৈকে ছবিখনে সৰ্বমুঠ ১৫১কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যিমানেই দিন বাগৰিছে সিমানেই শ্বাহৰুখ অভিনীত ছবিখনৰ বক্স অফিচ কালেকশ্যনো হ্ৰাস পাইছে। এইখিনিতে উল্লেখ কৰিব লাগিব যে, ডুঙ্কীক ধৰি ২০২৩চনত শ্বাহৰুখ খানৰ ৩খন ছবিয়ে উপাৰ্জনৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। জাৱান, পাঠান আৰু ডুঙ্কীয়ে বৰ্তমানলৈকে উপাৰ্জন কৰিছে প্ৰায় ২৫শ কোটিৰো অধিক টকা। জাৱান আৰু পাঠান ছবি দুখনে অকলেই ২২শ কোটি টকা উপাৰ্জন কৰিছে বুলি প্ৰযোজকে ৰাজহুৱা কৰিছে।
২০২৩ত শ্বাহৰুখ খানৰ আন ছবিতকৈ ডুঙ্কীৰ বক্স অফিচ কালেকশ্যন বেয়া হলেও এই ছবিখনক লৈ দেশ-বিদেশৰ সমালোচকসকলে প্ৰশংসা কৰিছে শ্বাহৰুখ আৰু পৰিচালক ৰাজকুমাৰ হিৰানীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















