নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই ৰাশি-নক্ষত্ৰ পৰিবৰ্তন কৰে৷ ৩০ বছৰৰ পাছত কৰ্ম ফলদাতা শনিয়ে কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ আগন্তুক শুকুৰবাৰে ২৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৭ বাজি ৬ মিনিটত কুম্ভ ৰাশিত অস্ত যাব শনি৷ ৪০ দিন কুম্ভ ৰাশিত থকাৰ পাছত অস্ত অৱস্থাতেই মীন ৰাশিৰ দিশত গমন কৰিব শনিয়ে৷ ইয়াৰপাছতেই ১১ তম দিনত অৰ্থাৎ ৯ এপ্ৰিল শনিবাৰে মীন ৰাশিত উদিত হ’ব৷
কুম্ভ ৰাশিত সূৰ্যৰ সৈতে শনিৰ সংযোগ হ’ব৷ আৰু এই সংযোগত সূৰ্যৰ খুব কাষলৈ অহাৰ কাৰণেই অস্ত যাব শনিদেৱ৷ শনিৰ অস্ত এক গুৰুত্বপূৰ্ণ জ্যোতিষশাস্ত্ৰীয় ঘটনা৷ যি ৩ ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব৷ শনিৰ প্ৰভাৱত কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব?
তুলা ৰাশি
তুলা ৰাশিৰ ওপৰত অস্ত শনিৰ প্ৰভাৱ ইতিবাচক হ’ব৷ কাৰণ জ্যোতিষশাস্ত্ৰ অনুসৰি শনি এই ৰাশিৰ অধিপতি শুক্ৰৰ বন্ধু৷ এই সময়ত তুলা ৰাশিৰ মানুহৰ কেৰিয়াৰত উন্নতি হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ কোনো আইনী গোচৰ চলিলে তাত অনুকূল ফলাফল পাব পাৰে৷ মানসিক চাপ কমিব৷
মকৰ ৰাশি
শনি অস্ত যোৱাত মকৰ ৰাশিৰ জাতক লাভৱান হ’ব৷ আত্মবিশ্বাস বাঢ়িব৷ যি কোনো কাম ধৈৰ্য্য ধৰি কৰি কৰিলে লক্ষ্যত উপনীত হ’ব পাৰিব৷ চৰকাৰী বা প্ৰশাসনিক কামত সাফল্য পোৱাৰ সম্ভাৱনা বেছি আছে৷ বন্ধু সহকৰ্মীক কাষত পাব৷
কুম্ভ ৰাশি
শনিৰ আশীৰ্বাদত কুম্ভ ৰাশিৰ সুদিন উভতি আহিব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ আয়ৰ নতুন উৎস পাব৷ স্বাস্থ্য ভালে থাকিব৷ অফিচৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কাম পছন্দ কৰিব৷ কামৰ নতুন দায়িত্ব পাব পাৰে৷ দীৰ্ঘদিনৰ মানসিক চাপৰ পৰা স্বাস্তি পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ