শনি সকলোতকৈ ধীৰ গতিৰ গ্ৰহ৷ শনিয়ে প্ৰায় আঢ়ৈ বছৰ ধৰি এক ৰাশিত অৱস্থান কৰে৷ ২০২৫ চনৰ ২৯ মাৰ্চত শনিৰ গোচৰ আৰম্ভ হৈছে৷ শনিৰ গোচৰৰ সৈতে বিভিন্ন ৰাশিত শনিৰ চাৰেসাতি আৰু শনিৰ ধাইয়া আৰম্ভ হৈছে৷ এই পৰিস্থিতিত ২০২৭ চনৰ জুন পৰ্যন্ত এই সমস্ত ৰাশিৰ ওপৰত শনিৰ প্ৰকোপ থাকিব৷ কোন কোন ৰাশিৰ জাতক সাবধানে থকা উচিত৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকাৰ ওপৰত শনিৰ প্ৰভাৱ থাকিব৷ সিংহ ৰাশিত শনিৰ ধাইয়া আৰম্ভ হৈছে ২৯ মাৰ্চ ২০২৫ তাৰিখে৷ যাৰ প্ৰভাৱ সিংহ ৰাশিৰ ওপৰত ৩ জুন ২০২৭ পৰ্যন্ত থাকিব৷ শনিৰ ধাইয়া আঢ়ৈ বছৰ ধৰি চলে৷ শনিয়ে মেষ ৰাশিত প্ৰৱেশৰ পাছতেই সিংহ ৰাশিৰ পৰা শনিৰ ধাইয়া শেষ হ’ব৷ মনত চাপ আৰু উদ্বেগ থাকিব পাৰে৷ স্বাস্থ্য সম্পৰ্কিত সমস্যাইয়ো দেখা দিব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিত শনিৰ ধাইয়া আৰম্ভ হৈছে ২৯ মাৰ্চ ২০২৫ তাৰিখে৷ ধনু ৰাশিৰ জাতক জাতিকাৰ ওপৰত শনিৰ ধাইয়া ৩ জুন ২০২৭ পৰ্যন্ত থাকিব৷ এই সময়ত ধনু ৰাশিৰ জাতক জাতিকা চেলেঞ্জৰ মুখামুখি হব৷ সম্পৰ্কৰ ক্ষেত্ৰত উত্তেজনা আৰু অশান্তিয়ে দেখা দিব পাৰে৷
মেষ ৰাশি
মেষ ৰাশিৰ ওপৰত শনিৰ চাৰেসাতিৰ প্ৰভাৱ আৰম্ভ হৈছে ২৯ মাৰ্চ, ২০২৫ তাৰিখৰ পৰা৷ মেষ ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ ২০৩২ চন পৰ্যন্ত থাকিব৷ আগন্তুক চাৰে সাত বছৰ ধৰি মেষ ৰাশিৰ জাতকে শনিৰ চাৰেসাতিৰ প্ৰকোপৰ সন্মুখীন হব পাৰে৷ মেষ ৰাশিৰ জাতক জাতিকাই কঠোৰ পৰিশ্ৰম কৰিও আৰ্থিক সমস্যাৰ মুখত পৰিব পাৰে৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ ওপৰত শনিৰ চাৰেসাতি ৩ জুন ২০২৭ তাৰিখে শেষ হব৷ এই সময়ত কুম্ভ ৰাশিৰ জাতকৰ বাবে শনিৰ চাৰেসাতিৰ তৃতীয় পৰ্যায়ত চলিছে৷ এটা পৰ্যায়ত প্ৰায় আঢ়ৈ বছৰ স্থায়ী হয়৷ এই সময়কালত আপুনি মানসিক, শাৰীৰিক আৰু আৰ্থিক সমস্যাৰ সন্মুখীন হব পাৰে৷
মীন ৰাশি
মীন ৰাশিৰ জাতক জাতিকাৰ বাবে শনিৰ চাৰেসাতিৰ দ্বিতীয় পৰ্যায় চলিছে৷ শনিয়ে বৰ্তমান মীন ৰাশিত আছে আৰু ৩ জুন ২০২৭ পৰ্যন্ত মীন ৰাশিতেই থাকিব৷ মীন ৰাশিৰ জাতক জাতিকাই ৮ আগষ্ট ২০২৯ তাৰিখে শনিৰ চাৰেসাতিৰ পৰা মুক্তি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ