৩০ বছৰৰ পাছত নিজস্ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব শনিয়ে৷ ২০ জানুৱাৰী ২০২৬ত ন্যায় আৰু কৰ্মফলৰ প্ৰতীক শনিয়ে উত্তৰভাদ্ৰপদ নক্ষত্ৰত গোচৰ কৰিব৷ আকৌ ২২ ফেব্ৰুৱাৰী ২০২৬দেওবাৰে পুৱা ৪.০৯ মিনিটত উত্তৰভাদ্ৰপদ নক্ষত্ৰৰ দ্বিতীয় পাদদেশত প্ৰৱেশ কৰিব শনিয়ে৷ শনিৰ এই গোচৰৰ ফলত লাভৱান হ’ব চাৰিটা ৰাশিৰ জাতকে৷ শনিৰ কৃপাত সোণৰ দৰে উজলিব এই ৪ৰাশিৰ জাতক৷
বৃষ ৰাশি
উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ দ্বিতীয় পদত শনিৰ প্ৰৱেশ বৃষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ হব পাৰে৷ আৰ্থিক ক্ষেত্ৰত ব্যাপক লাভ হব৷ এই সময় আপোনাৰ অনুকূলে থাকিব৷ কৰ্মক্ষেত্ৰত সাফল্যৰ পথৰ বাধা দূৰ হব৷ আয়ৰ গ্রাফ ক্ৰমাগত বৃদ্ধি পাব৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ ধৈৰ্য্য ধৰিলে ইতিবাচক ফল পাব৷
কুম্ভ ৰাশি
শনিৰ এই গোচৰ কুম্ভ ৰাশিৰ বাবে অত্যন্ত শুভ হব পাৰে৷ পাৰিবাৰিক সুখ আৰু শান্তি বৃদ্ধি পাব৷ পুৰণি পৰিকল্পনা অনুসৰি কাম আৰম্ভ কৰিব পাৰে৷ গুৰুত্বপূৰ্ণ ব্যৱস্যয়িক চুক্তি চূড়ান্ত হব পাৰে৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ অৰ্থ উপাৰ্জনৰ পূৰ্বতকৈ বৃদ্ধি পাব৷ আপোনাৰ ব্যয় নিয়ন্ত্ৰণত ৰাখক৷ অন্যথা বিপদত পৰিব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব শনিৰ এই গোচৰে৷ কৰ্মক্ষেত্ৰত আপুনি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হব৷ আপোনাৰ কেৰিয়াৰত উন্নতিৰ সুযোগ আহিব পাৰে৷ পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে৷ সম্পত্তি বাঢ়িব পাৰে বা বাহনো কিনিব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷
মীন ৰাশি
উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত শনিৰ অৱস্থানে মীন ৰাশিৰ জাতকৰ লাভৰ পথ খুলিব৷ মীন ৰাশিৰ জাতকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব৷ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা পাব৷ সমাজত সন্মান বৃদ্ধি পাব৷ ৰৈ থকা কামসমূহ দ্ৰুত সম্পন্ন হব৷ আপোনাৰ জীৱনযাত্ৰাত ইতিবাচক পৰিবৰ্তন আহিব৷ এই সময়ত বিনিয়োগ কৰিলে ইতিবাচক ফল পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















