৩ অক্টোবৰত শনিয়ে নক্ষত্ৰ পৰিবৰ্তন কৰিব। বৰ্তমান শনি উত্তৰাভাদ্ৰপদ নক্ষত্ৰত অৱস্থান কৰিছে। আৰু দশেৰাৰ পাছৰ দিনাই পূৰ্বভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি হৈছে বৃহস্পতি গ্ৰহ। শনিয়ে যেতিয়া বৃহস্পতিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব তেতিয়াই ই কিছু ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব।
৩ ৰাশিৰ বাবে অশুভ
শনি গ্ৰহৰ এই নক্ষত্ৰ পৰিবৰ্তনে তিনিটা ৰাশিৰ বাবে অশুভ প্ৰভাৱ পেলাব। এই ৰাশিৰ ব্যক্তিয়ে জীৱনত কিছু চেলেঞ্জৰ মুখামুখিও হব পাৰে। কৰ্মজীৱনত উঠানমাই দেখা দিব পাৰে। আৰ্থিক ক্ষতিৰো সম্ভাৱনা আছে।
শনিৰ চাৰেসাতিৰ প্ৰভাৱ
মেষ, কন্য়া, মীন ৰাশিৰ বাবে বিশেষভাৱে প্ৰযোজ্য। এই ৰাশিৰ ব্যক্তিৰ বাবে শনিৰ নক্ষত্ৰ পৰিবৰ্তন শুভ নহয়। তেওঁলোকৰ সৈতে অনাকাঙ্খিত ঘটনা ঘটিব পাৰে। ইয়াৰোপৰি মেষ আৰু মীন ৰাশিৰ ওপৰত শনিৰ চাৰেসাতি চলিছে, যি তেওঁলোকৰ বাবে কষ্টদায়ক। এই সময়ত সেই ব্যক্তিয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। কাৰো সৈতে বিবাদত নোসোমাটোৱেই ভাল।
২ ৰাশিৰ বাবে শুভ
শনিৰ নক্ষত্ৰৰ পৰিবৰ্তন দুটা ৰাশিৰ বাবে শুভ। এই দুই ৰাশিৰ ব্যক্তিয়ে শনিৰ পৰা অৰ্থনৈতিক লাভ পাব। কৰ্মজীৱনত উন্নতি হব। বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে।
শনিৰ নক্ষত্ৰ পৰিবৰ্তন কৰ্কট আৰু কুম্ভ ৰাশিৰ বাবে শুভ হব। কুম্ভ ৰাশিৰ অধিপতি শনি গ্ৰহ সেয়ে এই ৰাশিৰ ব্যক্তিক কৃপা কৰিব শনিয়ে। শনি নক্ষত্ৰৰ এই পৰিবৰ্তনে কুম্ভ আৰু কৰ্কট ৰাশিৰ লোকক অৰ্থনৈতিক লাভ, মান সন্মান, প্ৰেম আৰু ব্যৱসায়িক সফলতা দিব। সংক্ষেপে অক্টোবৰ মাহত এই ৰাশিৰ ব্যক্তিৰ ব্যক্তিগত আৰু পেছাগত জীৱন দুই ক্ষেত্ৰতেই লাভজনক হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















