অসম লাইভ ২৪ঃ জীৱিত আছে শ্বীনা বৰা! কাশ্মীৰত আছে শ্বীনা! দেশ জোকাৰি যোৱা শ্বীনা বৰা হত্যাকাণ্ড সন্দৰ্ভত পুনৰ চাঞ্চল্যকৰ ভাষ্য হত্যাকাৰী ইন্দ্ৰানী মুখাৰ্জীৰ৷ CBIলৈ চাঞ্চল্যকৰ পত্ৰ প্ৰেৰণ শ্বীনা বৰাৰ মাতৃ হত্যাৰ অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীৰ৷ শ্বীনা বৰা সম্প্ৰতি কাশ্মীৰত থকাৰ কথা দাবী কৰিছে ইন্দ্ৰানী মুখাৰ্জীয়ে৷ ২০১২ চনত এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বলি হৈছিল শ্বীনা বৰা৷ মহাৰাষ্ট্ৰৰ এই চৰ্চিত হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ৷ ২০১২ চনত সংঘটিত হত্যাকাণ্ডৰ কথা পোহৰলৈ আহিছিল ২০১৫ চনত৷ বৰ্তমানেও CBIৰ অধীনত চলি আছে হত্যাকাণ্ডৰ গোচৰ৷ কাৰাগাৰত বন্দী হৈ আছে হত্যাকাৰী৷ কিন্তু হঠাৎ ইন্দ্ৰানী মুখাৰ্জীৰ ভাষ্যই পুনৰ বিপাঙত পেলাইছে তদন্তকাৰী সংস্থাক৷ শেহতীয়াকৈ চিবিআইৰ সঞ্চালকলৈ ইন্দ্ৰানী মুখাৰ্জীয়ে এখন পত্ৰ প্ৰেৰণ কৰিছে৷ জে’লত সাক্ষাৎ হোৱা এগৰাকী মহিলাৰ তথ্যৰ ভিত্তিত শ্বীনা বৰা কাশ্মীৰত থকাৰ কথা দাবী কৰিছে ইন্দ্ৰানী মুখাৰ্জীয়ে৷ লগতে কাশ্মীৰত CBIক তালাচী চলাবলৈও অনুৰোধ জনাইছে ইন্দ্ৰানী মুখাৰ্জীয়ে৷ কিন্তু ইন্দ্ৰানী মুখাৰ্জীৰ এই পত্ৰই উদঙাইছে আন এক ৰহস্য৷ যদি ইন্দ্ৰানী মুখাৰ্জীৰ কথা সচাঁ হয় তেন্তে ২০১২ চনৰ ২৩ মে’ত মহাৰাষ্ট্ৰৰ ঘন জংঘলত উদ্ধাৰ হোৱা শ্বীনা বৰা বুলি নিশ্চিত কৰা মৃতদেহটো কাৰ আছিল? ফৰেনচিকৰ ৰিপ’ৰ্টতো সেয়া শ্বীনা বৰাৰ মৃতদেহ বুলি নিশ্চিত হৈছিল৷ মুঠতে ইন্দ্ৰানী মুখাৰ্জীৰ পত্ৰই দেশজুৰি আন এক চাঞ্চল্যৰ সৃষ্টি কৰিলে৷ উল্লেখ্য, ১৬ নবেম্বৰত ইন্দ্ৰানী মুখাৰ্জীৰ জামিন আৱেদন নাকচ কৰিছিল বম্বে হাই ক’ৰ্টে৷ আৰু তাৰ পাছতেই এই চাঞ্চল্যকৰ পত্ৰ প্ৰেৰণ চিবিআইৰ সঞ্চালকলৈ৷ ২০১৭ চনৰ পৰা ইন্দ্ৰানী মুখাৰ্জীৰ ৫ খন জামিন আৱেদন নাকচ কৰিছে আদালতে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ