অসম লাইভ ২৪ঃ কংগ্ৰেছৰ পৰা নিলম্বন বিধায়ক শ্বেৰমান আলী আহমেদক৷ দলীয় অনুশাসন ভংগৰ অভিযোগত বিধায়কগৰাকীক নিলম্বন কৰে প্ৰদেশ কংগ্ৰেছে৷ APCCৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশত নিলম্বন বিধায়কগৰাকীক৷ সম্প্ৰতি সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে শ্বেৰমান আলী আহমেদ৷ ছহিদক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান৷ দুদিনৰ আৰক্ষীৰ জিম্মাত ৰখা হয় বিতৰ্কিত বিধায়কগৰাকীক৷ উল্লেখ্য, বাঘবৰ সমষ্টিৰপৰা ৩ বাৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ৷ ২০১১ চনৰ পৰা ধাৰাবাহিকভাৱে নিৰ্বাচিত হৈ আহিছে বিধায়কগৰাকী৷ আজি দলৰ পৰা নিলম্বন কৰে অসম প্ৰদেশ কংগ্ৰেছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ