ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্ভৰযোগ্য অ’পেনাৰ শিখৰ ধৱনক তেওঁৰ পিতৃয়ে বগৰাই বগৰাই পিটিছে৷ ইতিমধ্য সেই ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে৷
ইনষ্টাগ্ৰামত ভাইৰেল হোৱা ভিডিঅ’টো দেখা গৈছে কিছু লোকৰ সন্মুখতে পিতৃয়ে প্ৰথমে শিখৰক পূৰ্ণহতীয়া চৰ শোধাইছে৷ কেৱল এটা চৰ শোধাইয়ে পিতৃয়ে ক্ষান্ত হোৱা নাই৷ ইটোৰ পিছত সিটো চৰ শোধোৱাৰ পিছতে ক্ৰিকেটাৰ শিখৰ ধৱন মজিয়াত বাগৰি পৰিছে৷ অক্ষান্ত পিতৃয়ে মজিয়াত পৰি যোৱা পুত্ৰক প্ৰহাৰ কৰিয়ে আছে৷ আনকি ভৰিৰে গোৰ মাৰিছে পুত্ৰ শিখৰ ধৱনক৷
শিখৰ ধৱনক পিতৃৰ প্ৰহাৰৰ পৰা ৰক্ষা কৰিবলৈ ওচৰত থকা লোকসকলে চেষ্টা কৰি দেখা গৈছে৷ তেওঁলোকে পিতৃক ধৰি শান্ত কৰিবলৈ চেষ্টা কৰিলেও ক্ষান্ত হোৱা শিখৰ ধৱনৰ পিতৃ৷
লগতে পঢ়ক মিথ্যাচাৰী প্ৰধানমন্ত্ৰী বৰিছ জনচন : কিয় ক্ষমা খুজিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে?
এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে প্ৰায় ৯ লাখ লোকে দৰ্শন কৰিছে৷ বহুলোকে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰা দেখা গৈছে৷
এতিয়া প্ৰশ্ন হ’ল ক্ৰিকেটাৰগৰাকীক পিতৃয়ে কিয় এই দৰে মাৰধৰ কৰিছে?
উল্লেখ্য যে শিখৰ ধৱনে পঞ্জাৱ কিংছ ইলিভেনৰ হৈ চলতি আইপিএলত অংশগ্ৰহণ কৰিছিল৷ কিন্তু তেওঁৰ দলে শোচনীয় প্ৰদৰ্শনৰ বাবে প্ৰতিযোগিতাৰ প্লে অফলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হয়৷
প্ৰতিযোগিতাত তেওঁৰ দলে প্লে অফলৈ যোগ্যতা অৰ্জন ব্যৰ্থ হোৱাত পিতৃ অসন্তুষ্ট৷ প্ৰতিযোগিতা সামৰি শিখৰ ধৱনে ঘৰলৈ আহি পিতৃৰ মুখামুখি হোৱাৰ লগে লগে পিতৃৰ এই আচৰণৰ সন্মুখীন হয়৷ আচলতে এয়া পিতৃৰ পুত্ৰৰ খেলৰ প্ৰতি থকা নিভাঁজ আৱেগৰ বৰ্হিপ্ৰকাশহে৷
লগতে পঢ়ক স্বেচ্ছামূলক যৌন কৰ্ম বৈধ : যৌনকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ ল’ব নোৱাৰিব আৰক্ষীয়ে
পিতৃৰ অসন্তুষ্টিৰ সন্মুখীন হোৱা এই ভিডিঅ’টো শিখৰ ধৱনে নিজে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে৷ উল্লেখ্য যে শিখৰ ধৱন সামাজিক মাধ্যমত বিশেষভাৱে সক্ৰিয় আৰু তেওঁৰ জীৱন হাস্যৰসৰ মুহূৰ্তবোৰ অনুৰাগীৰ সৈতে প্ৰায়ে শ্বেয়াৰ কৰি আহিছে৷
পিতৃয়ে আৱগ আৰু মৰমতে তেওঁক প্ৰহাৰ কৰা এই আপুৰোগীয়া ভিডিঅ’টো শিখৰ ধৱনে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰাৰ লোভ সামৰিব নোৱাৰিলে৷
View this post on Instagram
শিখৰ ধৱনে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে প্ৰায় ৯ লাখ লোকে দৰ্শন কৰিছে আৰু অসংখ্য লোকে বিভিন্ন মন্তব্য প্ৰদান কৰা দেখা গৈছে৷ এই ভিডিঅ’টো চোৱাৰ পিছত শিখৰৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰাৰ পৰিৱৰ্তে অনুৰাগী সকলে হাঁহিত ফাটি পৰা দেখা গৈছে।
ইফালে শিখৰ ধৱনৰ দলটোৱে ২০২২ৰ আইপিএলৰ প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিলেও, এই ছিজনটো তেওঁৰ ব্যক্তিগত প্ৰদৰ্শন সন্তোষজনক আছিল। তেওঁ ১৪ খন মেচত ১২২.৭৪ ষ্ট্ৰাইক ৰেটত মুঠ ৪৬০ ৰান সংগ্ৰহ কৰে, য’ত তেওঁৰ সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ আছিল নট আউট ৮৮ ৰাণ৷
প্ৰতিযোগিতাখনত শিখৰে ৪৭ টা ফ’ৰ আৰু ১২ টা ছিক্স কোবায়। আইপিএলৰ ১৫ সংখ্যক ছিজনত সৰ্বাধিক ৰাণ কৰা বেটছমেনৰ তালিকাত ছয় নম্বৰ স্থানত আছে ধৱন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ