অসম লাইভ২৪ঃ ধৰ্মগ্ৰন্থত উল্লেখ থকা অনুযায়ী শিৱক সন্তুষ্ট কৰাটো অতি সহজ৷ শাস্ত্ৰত উল্লেখ থকা অনুযায়ী এক লোটা পানীটো প্ৰসন্ন হয় ভগৱান শিৱ৷ সেয়ে শিৱক দয়ালু দেৱতা বুলি কোৱা হয়৷ যদি আপুনি জীৱনত খুবেই দুখী হৈ কটাইছে আহিবলগা সময়খিনিক লৈয়ো আপুনি চিন্তা কৰি পাৰ পোৱা নাই তেন্তে ভগৱান শিৱক প্ৰাৰ্থনা কৰাটো অতি জৰুৰী৷ শিৱ পুৰাণত উল্লেখ থকামতে মানুহে কৰা ৭ টা পাপে ভগৱান শিৱক ক্ৰোধিত কৰে৷ কেৱল সেয়াই নহয় এই ৭ পাপৰ শাস্তি ভগৱান শিৱই নিজেই দিয়ে৷ এই ৭ পাপ কি কি?
বিবাহ ভঙাৰ চেষ্টা কৰা
জ্যোতিষ শাস্ত্ৰ অনুসৰি ভগৱান শিৱই এই কাম মুঠেও পছন্দ নকৰে৷ যিসকলে সম্পৰ্কক লৈ চিৰিয়াছ নহয় তেনে লোকক লৈ সদায়ে অসন্তুষ্ট শিৱ৷ একাংশ ব্যক্তিয়ে বিবাহিত সম্পৰ্কত থকাৰ পাছতো আন নাৰীৰ সৈতে সম্পৰ্ক ৰাখে তেওঁলোকক মুঠেও সহ্য নকৰে ভগৱান শিৱই। এইসকলক পাপী বুলিয়েই শিৱ পুৰাণত উল্লেখ কৰা হৈছে।
টকা-পইছাত বেমেজালী কৰা লোক
শিৱ পুৰাণত উল্লেখ থকা অনুযায়ী যি সকল লোকে বেনামী উপায়েৰে ধন সংগ্ৰহ কৰে, অন্য ধন-সম্পত্তি লুটপাত কৰাৰ চেষ্টা কৰে তেওঁলোকক লৈয়ো শিৱ ক্ষোভিত হয়। এয়া ক্ষমাহীন অপৰাধ বুলি শাস্ত্ৰত উল্লেখ আছে।
অন্যক কষ্ট দিয়াটো পাপ
শিৱ পুৰাণত থকা অনুসৰি কোনো নিৰাপৰাধী লোকক কষ্ট দিয়া ব্যক্তিক কোনো কাৰণতে শিৱই সহ্য নকৰে। এনে ব্যক্তিক মাফো নকৰে শিৱই।
ভুল পথলৈ জানি বুজি যোৱা ব্যক্তি
জ্যোতিষ শাস্ত্ৰ অনুসৰি বহু লোকে কেতিয়াবা ভুল পথত ভৰি দিয়ে। এবাৰ দুবাৰ নহয় বাৰে বাৰে ভুল পথত ভৰি দিয়া ব্যক্তিক কোনো কাৰণতে সহায় নকৰে ভগৱান শিৱই।
অন্য ব্যক্তিক লৈ বেয়া মনোভাৱ ৰখাটোও পাপ
শিৱ পুৰাণত কোৱা অনুসৰি যদি আপুনি কোনো লোকৰ বেয়া নিবিচাৰে তেন্তে আপুনি শিৱৰ এজন প্ৰিয় ভক্ত। যিসকল ব্যক্তিয়ে প্ৰায়সময়তে অন্যৰ বেয়াটো চিন্তা কৰে তেনে লোকক শিৱই কোনো কাৰণতে ক্ষমা নকৰে।
গৰ্ভৱতী মহিলাক বেয়া ব্যৱহাৰ কৰা
জ্যোতিষ শাস্ত্ৰত উল্লেখ থকা অনুযায়ী বহুতেই গৰ্ভৱতী মহিলাক কটু কথা কয় এয়া অপৰাধ। শিৱপুৰাণ মতে এয়া পাপ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ