ডিজিটেল ডেস্কঃ বলিউদ তথা মাৰাঠী ছবিৰ অভিনেতা শ্রেয়াস তালপাড়েৰ স্বাস্থ্য শেহতীয়াকৈ কিছু উন্নত হৈছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, দুই-এদিনতে হস্পাতালৰ পৰা ঘৰলৈ আহিব অভিনেতাগৰাকী। অভিনেতাগৰাকীৰ পত্নী দিপ্তী তালপড়েই জানিবলৈ দিয়া অনুসৰি, হাৰ্ট এৰ্টেক হোৱাৰ পাছতে শ্ৰেয়াস তালপাড়েৰ ১০মিনিটৰ বাবে বন্ধ হৈ হৈছিল উশাহ। একমাত্ৰ নেদেখাজনৰ আৰ্শীবাদতহে অভিনেতাগৰাকী জীৱিত থকাৰ কথা সদৰি কৰে অভিনেতাগৰাকীৰ পত্নীয়ে।
সকলো ঠিকে ঠাকে থাকিলে সোমবাৰে পুৱাৰ ভাগতে ঘৰলৈ উভতিব অভিনেতাগৰাকী। শ্বুটিঙত ব্যস্ত থকাৰ সময়তে হঠাতে অসুস্থ হৈ পৰা অভিনেতাগৰাকীৰ স্বাস্থ্যক লৈ সকলো অনুৰাগী চিন্তিত হৈ আছিল যদিও শেহতীয়াকৈ তেওঁৰ স্বাস্থ্য সুস্থিৰ হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, বহুকেইখন হিন্দী ছবিত অভিনয় কৰা শ্ৰেয়াস তালপড়েই মাৰাঠী ছবিতো আছে বিশেষ দখল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















