শুভমনৰ ৰেকৰ্ড, যি কৰিব নোৱাৰিলে শচীন-কোহলীয়ে, সেই কৰি দেখুৱালে শুভমনে
বৰ্তমান ইংলেণ্ড দল ভাৰত ভ্ৰমণত আছে। য’ত দুয়োটা দলৰ মাজত চলি আছে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা। আজি ১২ ফেব্ৰুৱাৰী তাৰিখে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে শৃংখলাৰ তৃতীয়খন তথা অন্তিমখন খেল। য’ত টিম ইণ্ডিয়াৰ যুৱ বেটছমেন শুভমন গিলে সুন্দৰ বেটিং কৰি এদিনীয়া কেৰিয়াৰৰ সপ্তমটো শতক অৰ্জন কৰিছে।
টিম ইণ্ডিয়াৰ ২৫ বছৰীয়া বেটছমেনগৰাকীয়ে বিপক্ষ দলৰ পৰা ইনিংছৰ ৩২ সংখ্যক অভাৰত বলিং কৰিবলৈ অহা মাৰ্ক উডৰ দ্বিতীয় বলত চাৰি কোবাই এদিনীয়া কেৰিয়াৰৰ সপ্তমটো শতক সম্পূৰ্ণ কৰে।
তৃতীয়খন এদিনীয়াত উজ্জ্বল বেটিং কৰি শুবমান গিলে কিছু বিশেষ কৃতিত্ব অৰ্জন কৰিছে। ভাৰতীয় দলৰ পৰা ৫০+ এদিনীয়া ইনিংছৰ পিছত সৰ্বাধিক বাৰ ৫০+ ইনিংছ খেলা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে। দেশৰ হৈ ৫০ খন এদিনীয়া ইনিংছত ২২ বাৰ ৫০+ ৰান সংগ্ৰহ কৰিছে।
ভাৰতৰ হৈ ৫০টা এদিনীয়া ইনিংছত সৰ্বাধিক ৫০+ ৰান সংগ্ৰহ কৰা বেটছমেন
২২ – শুবমান গিল
২০ – শ্ৰেয়াছ আয়েৰ
১৯ – নৱজোত সিং সিদ্ধু
১৮ – বিৰাট কোহলী
১৮ – কে এল ৰাহুল
ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে একক খেলপথাৰত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয় শুবমান গিল । কেৱল এয়াই নহয়, এখন খেলপথাৰতে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা ভাৰতীয় দলৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে শুভমন গিল। এদিনীয়াৰ পূৰ্বে আহমেদাবাদত টি-২০ আৰু টেষ্টত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে গিলে।
বিশ্ব ক্ৰিকেটতো এখন খেলপথাৰতে তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা পঞ্চমজন বেটছমেন হিচাপে পৰিগণিত হৈছে গিল। ইয়াৰ পূৰ্বে এই বিশেষ কৃতিত্ব বাবৰ আজম, ফাফ ডু প্লেছিছ, ডেভিড ৱাৰ্নাৰ আৰু কুইণ্টন ডি ককে লাভ কৰিছিল।
একেখন খেলপথাৰতে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা বেটছমেন
বাবৰ আজম – কৰাচী
ফাফ ডু প্লেছিচ – জোহান্সবার্গ
ডেভিড ৱার্নাৰ – এডিলেইড
কুইন্টন ডি কক – চেঞ্চুৰিয়ন
শুভমান গিল – আহমেদাবাদ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ