জ্যোতিষশাস্ত্ৰ অনুসৰি শুক্ৰ আৰু শনিৰ মিলন অত্যন্ত শক্তিশালী এক ঘটনা৷ প্ৰেম, সুখ, বিলাসিতা আৰু সৌন্দৰ্যৰ প্ৰতীক শুক্ৰ৷ ন্যায়বিচাৰ আৰু কৰ্মফলৰ প্ৰতীক শনি৷ এই দুই গ্ৰহই একেলগে তৈয়াৰ কৰে শক্তিশালী যোগ৷ আজি শনিবাৰে ১৩ ডিচেম্বৰৰ পুৱাই ৬.৪১ মিনিটৰ পৰা শুক্ৰ আৰু শনিয়ে এটাই আনটোৰ সৈতে ১০০ ডিগ্ৰি কোণত অৱস্থান কৰিছে৷ যিয়ে শতাংক যোগ তৈয়াৰ কৰিছে৷ এই যোগেই চাৰিটা ৰাশিৰ জাতকৰ জীৱনলৈ নানান পৰিবৰ্তন আনিব পাৰে৷ দীৰ্ঘ কঠোৰ পৰিশ্ৰমৰ ফল পাব, সম্পদ বাঢ়িব, প্ৰেম আৰু গভীৰ হব৷
কোন কোন ৰাশিৰ জাতক লাভৱান হব?
মিথুন ৰাশি
শুক্ৰ-শনিৰ সংযোগ মিথুন ৰাশিৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হব পাৰে৷ কৰ্মক্ষেত্ৰত বাধা দূৰ হব৷ জীৱনত স্থিতি আহিব৷ অৰ্থ উপাৰ্জনৰ বিবিধ সুযোগ তৈয়াৰ হব পাৰে৷ বিবাহিত জীৱনত প্ৰেম বাঢ়িব৷ আপোনাৰ পৰিশ্ৰমৰ উপযুক্ত ফল পাব৷ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পাব৷ ধৈৰ্য ৰাখক, ভুল পথত ভৰি নিদিব৷
কুম্ভ ৰাশি
শুক্ৰ শনিৰ শতাংশ যোগৰ প্ৰভাৱত কুম্ভ ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব৷ ব্যৱসায়ত বিপুল লাভৰ সম্ভাৱনা আছে৷ সম্পদ বাঢ়িব পাৰে৷ প্ৰেমৰ সম্পৰ্ক আৰু মধুৰ হব৷ দীৰ্ঘদিন ধৰি কোনো কাম ৰৈ থাকিলে এইবাৰ শেষ হোৱাৰ সম্ভাৱনা আছে৷ সমাজত আপোনাৰ ইতিবাচক ছবি তৈয়াৰ হব৷ অবিবাহিতসকলে মনৰ মানুহ বিচাৰি পাব পাৰে৷
বৃষ ৰাশি
শুক্ৰ শনিৰ শতাংক যোগ বৃষ ৰাশিৰ জাতকে বিশেষ সুফল দিব৷ এই যোগৰ প্ৰভাৱত জীৱনত সুখ শান্তি বৰ্তি থাকিব৷ বিভিন্ন উৎসৰ পৰা আৰ্থিক প্ৰবাহ বঢ়াৰ সম্ভাৱনা আছে৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ আত্মবিশ্বাস অপ্ৰত্যাশিতভাৱে বৃদ্ধি পাব৷ জীৱনত প্ৰেম আৰু শাৰীৰিক সৌন্দৰ্য বৃদ্ধি পাব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ জীৱনত বিশেষ প্ৰভাৱ পেলাব এই শতাংক যোগে৷ আৰ্থিক ক্ষমতা বৃদ্ধি পাব৷ টকাৰ প্ৰবাহ বাঢ়িব৷ সাফল্য অৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰমে ইতিবাচক ফল দিব৷ সংসাৰত শান্তি বৰ্তি থাকিব৷ ব্যৱসায়ীয়ে ডাঙৰ কোনো লাভজনক চুক্তিত চহী কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















