অসম লাইভ২৪ঃ বিশিষ্ট লেখক ড০ শিৱনাথ বৰ্মন গুৰুতৰভাৱে অসুস্থ। নেমকেয়াৰ হাস্পতালত বিশিষ্ট সাহিত্যিক গৰাকীৰ চিকিৎসা চলি আছে। নেমকেয়াৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা তেখেতক চিকিৎসা কৰোৱা হৈছে।
তেওঁৰ স্বাস্থ্য অতি সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসালয় কৰ্তৃপক্ষই। ৩ ডিচেম্বৰত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অসমীয়া সমাজ জীৱনলৈ বিশেষ অৰিহণা আছে এইগৰাকী বিশিষ্ট সাহিত্যিকৰ। ড০ বৰ্মনৰ আশুআৰোগ্য কামনা কৰিছে ৰাজ্যবাসীয়েও। কেইদিনমান পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল ড০ বৰ্মন। মধুমেহকে ধৰি আন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত ড০ বৰ্মন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ