অসম লাইভ ২৪ঃ ৰাজ্য চৰকাৰে ছিণ্ডিকেট বন্ধৰ যিমানেই হুংকাৰ নিদিয়ক কিয়, এতিয়াও ৰাজ্যত সক্ৰিয় ছিণ্ডিকেট বাহিনী৷ শিৱসাগৰত কয়লাৰ ক’লা বেহাৰে জড়িত CAসহ ৩ জনক আটক কৰিছে অসম আৰক্ষীয়ে৷ দুজন বৰ্তমানেও পলাতক অৱস্থাত আছে৷ ২০১৯ চনৰ পৰাই এই দুষ্ট চক্ৰই GST ফাঁকিৰে শিৱসাগৰত চলাই আহিছে কয়লাৰ ক’লা বেহা৷ যাৰ ফলত ৰাজ্যৰ ৰাজকোষ বঞ্চিত হৈ আহিছে কোটি কোটি টকাৰ ৰাজহৰ পৰা৷ এই অভিযোগতে গ্ৰেপ্তাৰ হৈছে আছিফ হুছেইন, শ্বাহনাৱাজ হুছেইন আৰু CA সন্দীপ শৰ্মা৷ পলাতক ফুলকাল আলী (আজম) আৰু গালিব মিৰাজুল আলী (ৰিকি)৷ গেলেকীৰ ফুলকাল আলী ওৰফে আজম নামৰ চোৰাং কয়লাৰ বেপাৰীজনৰ হৈ এই দুষ্ট চক্ৰটোৱে ভুৱা GSTৰ বিল প্ৰস্তুত কৰি আহিছিল৷ শিৱসাগৰৰ থানাপট্টিৰ চফিকুল হুছেইন নামৰ এজন কুকুৰা ব্যৱসায়ীৰ নামত GSTৰ ভুৱা ফাইল খুলি ৰাজহ ফাঁকি দি আহিছে এই দুষ্ট চক্ৰই৷ আছিফ হুছেইন আৰু শ্বাহনাৱাজ হুছেইনে চোৰাং কয়লাৰ বেপাৰী ফুলকাল আলী ওৰফে আজমৰ হৈ প্ৰস্তুত কৰিছিল GST ফাইল৷ GST ফাইলটো প্ৰস্তুত কৰি দিছিল নাজিৰাৰ CA সন্দীপ শৰ্মাই৷ মেছাৰ্চ এছ আৰ এছ’চিয়েটছ gstn/18cwzpa1336g1zd প্ৰতিষ্ঠানটোৱে ca সন্দীপ শৰ্মাৰ জৰিয়তে ভুৱা জি এছ টি ফাইল খুলি এইপৰ্যন্ত এক কোটিৰো অধিক টকাৰ ৰাজহ ফাঁকি দিয়াৰ অভিযোগত চক্ৰটোৰ বিৰুদ্ধে অভিযান চলায়৷ ছফিকুল হুছেইনক আয়কৰ বিভাগ জেৰা কৰাত পোহৰলৈ আহিল সমষ্ট জালিয়াতি৷ জেৰাত ছফিকুল ভাষ্য অনুসৰি সমগ্ৰ জালিয়াতিৰ মাষ্টাৰ মাইণ্ড আছিফ হুছেইন আৰু শ্বাহ নৱাজ হুছেইন বুলি প্ৰমাণিত হোৱাত ২ দালালৰ বিৰুদ্ধে আয়কৰ বিভাগৰ ৰাজ্যিক উপ কৰ আয়ুক্তই শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি ca সন্দীপ শৰ্মা, ২ দালাল আছিফ হুছেইন আৰু শ্বাহ নৱাজ হুছেইনৰ ওপৰত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ অৱশ্যে, এইপৰ্যন্ত পলাতক চোৰাং কয়লা বেপাৰী ফুলকাল আলী ওৰফে আজম আৰু গালিব মিৰাজুল আলী ওৰফে ৰিকি৷ ২ কয়লা চোৰৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে৷ ইপিনে, গ্ৰেপ্তাৰ হোৱা ৩ জনক জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ