অসম লাইভ ২৪ঃ শালমন অথবা Acne ৰ সমস্যাত আপুনিও নিশ্চয় ভাৰাক্ৰান্ত৷ বিভিন্ন উপায় গ্ৰহণ কৰিও এই সমস্যাৰ পৰা উপশম পোৱা নাই নেকি? শালমন বা Acne সমস্যাই বিভিন্ন সময়ত আপোনাৰ সৌন্দৰ্য্যৰ ম্লান ঘটায়৷ বিশেষকৈ ‘অইলী স্কিন’ৰ ব্যক্তিসকলৰৰ এনে সমস্যা তুলনামূলকভাৱে বেছি হোৱা দেখা যায়৷ বহুসময়ত এই সমস্যা ঠিক হোৱাৰ পাছতো চেহেৰালৈ পূৰ্বৰ সৌন্দৰ্য্য ঘূৰি নাহে৷ বিভিন্ন কেমিকেল প্ৰডাক্ট ব্যৱহাৰ কৰাৰ ফলত ছালখন ভাল হোৱাৰ পৰিৱৰ্তে বেছি বেয়া হ’বলৈহে আৰম্ভ কৰে৷ লগতে ধনৰ অপচয় ইয়াৰ এটা মূল কাৰণ৷ কিন্তু ইয়াৰ পৰিৱৰ্তে আপুনি কিছুমান বিশেষ ঘৰুৱা উপায় অৱলম্বন কৰিলে সহজতেই এই সমস্যাৰ পৰা উপশম পাব পাৰিব৷ এই উপায়সমূহৰ জৰিয়তে Open Poresৰ সমস্যাৰ পৰাও সকাহ পাব আপুনি৷ সেইসমূহ হৈছে—
ভিটামিন-ই আৰু এল’ভেৰা জেলঃ শালমন অথবা Acne ৰ সমস্যাত ভিটামিন-ই আৰু এল’ভেৰা জেল অত্যন্ত লাভদায়ক৷ শালমন অথবা Acne ৰ সমস্যাৰ ফলত হোৱা ক’লা দাগ নোহোৱা কৰাতো সহায় কৰে ই৷ ৰাতি শোৱাৰ পূৰ্বে ছালত ভিটামিন-ই আৰু এল’ভেৰা জেলৰ মিশ্ৰণ প্ৰতিদিনে লগাব লাগিব৷
বেচনৰ ব্যৱহাৰঃ ছালৰ বিভিন্ন সমস্যাৰ বাবে বেচন অতি উপকাৰী৷ বেচনৰ ফেচ পেক লগালে ছালৰ অতিৰিক্ত তেল নাইকিয়া হয়৷ এক চামুচ বেচনৰ সৈতে এক চামুচ মৌ আৰু গাখীৰ মিহলাই তৈয়াৰ কৰিব পাৰিব এই ফেচ পেক৷ প্ৰায় ২০ মিনিটৰ বাবে এই পেক কিছুদিন লগালে আপুনি পাৰ্থক্য দেখিবলৈ পাব৷ বেচনে ছালৰ দাগ নোহোৱা কৰাত সহায় কৰে৷
মৌ আৰু ডালচেনীৰ মিশ্ৰণঃ কেৱল স্বাস্থ্যৰ বাবেই নহয়, ছালৰ বাবেও মৌ কিমান উপকাৰী সেয়া নিশ্চয় সকলোৰে জ্ঞাত৷ মৌত থকা এণ্টি বেক্টেৰিয়েল গুণে ছালখনত উজ্জ্বল কৰাত সহায় কৰে৷ মৌৰ লগত ডালচেনী মিহলাই লগালে শীঘ্ৰেই শালমনৰ সমস্যাৰ পৰা উপশম পোৱা যায়৷ ডালচেনী পাউদাৰৰ সৈতে মৌ মিহলাই এঘণ্টাৰ বাবে মুখত লগাই কুহুমীয়া গৰম পানীৰে ধুই দিব৷ শালমনৰ সমস্যাৰ লগতে মুখৰ ক’লা দাগো নাইকীয়া কৰিব এইটো ঘৰুৱা উপায়ে৷
এইসমূহ উপায়ে আপোনাক সকাহ দিয়াৰ লগতে ছালখনক সুন্দৰ কৰিব তুলিব যদিও ছালৰ গুৰুতৰ সমস্যাৰ বাবে এইয়া একমাত্ৰ সমাধান নহয়৷ প্ৰয়োজনত চিকিৎকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ