অসম লাইভ২৪ঃ প্ৰযুক্তি দ্ৰুতগতিত আগুৱাইছে। প্ৰযুক্তিৰ হাতত ধৰিয়েই আগবাঢ়িছে মানৱ জাতিও। হাততেই মোবাইলটো। মোবাইলটোতেই এখন ঢুকি নোপোৱা পৃথিৱী। যিখন পৃথিৱীৰ বহু কথা আমাৰ জ্ঞাত হোৱাৰ বিপৰীতে বহু কথাই অজ্ঞাতও। প্ৰতিদিনেই আমি মোবাইলটোৰ পৰাই বহু ন ন কথা শিকো। কিন্তু কল্পনা কৰকচোন আৰু ৭বছৰৰ পাছত আপোনাৰ একেবাৰেই আপোন যন্ত্ৰবিধ পৃথিৱীত আৰু নাথাকিব! মোবাইল একেবাৰেই নোহোৱা হ’ব! অবিশ্বাস্য হ’লেও এয়া সত্য। ২০৩০ চনলৈ পৃথিৱীত নোহোৱা হ’ব মোবাইল ফোন। এই কথা আমি কোৱা নাই। এই দাবী কৰিছে এজন বিজ্ঞানীয়েহে।
এক মিনিটৰ বাবেও আমি হাতৰ পৰা মোবাইলটো এৰাৰ কথা ভাৱিব নোৱাৰাৰ পৰা একেবাৰেই মোবাইল বিহীন এটা জীৱন ভাৱিবলৈ খুবেই কষ্টকৰ। মোবাইলটোতেই আমাৰ ব্যক্তিগত আৰু পেছাগত সমস্ত তথ্য সোমাই থাকে। বিভিন্ন কোম্পানীৰ মোবাইল এতিয়া বজাৰত পোৱা যায়। কিন্তু এই মোবাইলসমূহ ৭বছৰ পাছত আপোনালোকে নেদেখিব। বহুতৰে বাবে হাস্যকৰ হ’লেও এই কথা প্ৰকাশ কৰিছে মাইক্ৰচফ্টৰ প্ৰতিষ্ঠাতা বিল গেটছে।
বিল গেটছে কৈছে যে আগন্তুক সময়ত, ইলেক্ট্ৰনিক টেটুৱে স্মাৰ্ট ফোনৰ ঠাই ল’ব পাৰে। এই ইলেক্ট্ৰনিক টেটুসমূহ CHAOTIC MOON নামৰ এটা সংস্থাই আৰম্ভ কৰে। মানৱদেহৰ সৈতে সম্পৰ্কিত তথ্য সংগ্ৰহ কৰা আৰু বৰ্তমান খেলাধুলাৰ ক্ষেত্ৰত এই টেটু ব্যৱহৃত হয়। এই টেটুসমূহেই ভৱিষ্যতে স্মাৰ্টফোনৰ ঠাই ল’ব। নকিয়া কোম্পানীৰ চিইঅ’ পেক্কা লুণ্ডমাৰ্কেও স্মাৰ্ট ফোন হেৰাই যাব বুলি এক মিটিঙত প্ৰকাশ কৰিছে। বিবৃতিত প্ৰকাশ কৰা মতে 6G প্রযুক্তি 2030ৰ পৰা আৰম্ভ হ’ব। 6Gসেৱা আমাৰ সাধাৰণ স্মাৰ্টফোনে গ্ৰহণ কৰিব নোৱাৰিব।
ন’কিয়াৰ চিইঅ’ই প্ৰকাশ কৰা অনুসৰি ২০৩০চনৰ ভিতৰত মোবাইল ফোনৰ ঠাই স্মাৰ্ট চছমাই ল’ব। চছমাৰ দৰে আন কেইবাটাও নতুন প্ৰযুক্তি আৰম্ভ হ’ব। বিশেষজ্ঞসকলৰ মতে ২০৩০ ৰ পিছত প্ৰযুক্তিৰ ধাৰাই সম্পূৰ্ণৰূপে সলনি হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















