বহু মহিলাই এতিয়া দেৰীকৈ মাতৃ হোৱাৰ পৰিকল্পনা কৰে৷ কৰ্মৰ হেঁচা, নিজকে প্ৰতিষ্ঠা কৰাৰ দৌৰত চামিল এতিয়া প্ৰায়সংখ্যক মহিলা৷ সেয়ে ৩০ৰ পাছতেই বেছিভাগ মহিলাই মাতৃত্বৰ পৰিকল্পনা কৰে৷ ৩০ৰ পাছত মহিলাৰ শৰীৰত ডিম্বানুৰ সংখ্যা আৰু গুণমান কমিবলৈ ধৰে৷ ৩৫ৰ পাছত অন্তঃসত্ত্বা হোৱাৰ সম্ভাৱনা দ্ৰুত কমি যাবলৈ ধৰে৷ অন্তঃসত্ত্বা হলেও হৰমনৰ খেলিমেলিৰ বাবে গৰ্ভপাতৰ সম্ভাৱনা বাঢ়ি যায়৷ আকৌ ডিম্বানুৰ গুণমান ভাল নহলে শিশু বিকলাংগ হোৱাৰো আশংকা বাঢ়ি যাব পাৰে৷ কেৱল সেয়াই নহয় মাতৃৰো স্বাস্থ্যৰ সমস্যা আহিব পাৰে৷ সেয়ে বেছি বয়সত সন্তানধাৰণৰ পৰিকল্পনা কৰিলে মূৰত কিছু জৰুৰী বিষয় ৰাখিবই৷ বেছি বয়সত গৰ্ভধাৰণ কৰাৰ পূৰ্বে কি কি শাৰীৰিক পৰীক্ষা কৰোৱাটো জৰুৰী?
১. এই ক্ষেত্ৰত সকলোতকৈ আগত দুই ধৰণৰ টেষ্ট কৰোৱাটো খুবেই জৰুৰী৷
- আলট্ৰাছাউণ্ড- এই পৰীক্ষা কৰিলে বুজা যাব যে জৰায়ু ঠিকে আছেনে? কেনে পৰ্যায়ত আছে আৰু ডিম্বাণুৰ গুণগত মান কেনে৷
- এএমএইচ টেষ্ট- এই পৰীক্ষা কৰিলে বুজা যাব জৰায়ুত কিমান ডিম্বানুৰ অৱশিষ্ট আছে, মাতৃ হোৱা সম্ভৱনে৷
২. থেলাছেমিয়া পৰীক্ষা কৰাই লোৱাটোও দৰকাৰ৷ মাতৃ আৰু পিতৃ দুজনেই যদি বাহক হয় তেন্তে ২৫শতাংশ ক্ষেত্ৰত শিশুৰো থালাছেমিয়া হোৱাৰ আশংকা থাকে৷
৩. ৰুবেলা টেষ্ট কৰোৱাও খুবেই জৰুৰী৷ চিকিৎসকৰ মতে ৰুবেলাৰ টিকা গ্ৰহণ কৰাটো জৰুৰী৷ ৰুবেলাৰ টিকা লোৱা থাকিলে গৰ্ভাৱস্থাৰ সংক্ৰমণৰ ভয় কমি থাকে৷ অন্যথা গৰ্ভাৱস্থাত যদি কোনোধৰণৰ সংক্ৰমণ ঘটে তেতিয়া হলে শিশু সুস্থ আৰু স্বাভাৱিক নহয়৷
৪. এণ্ডোমেট্ৰিয়োচিছ, পলিচিষ্টিক অভেৰিৰ দৰে সমস্যাও এতিয়া ঘৰে ঘৰে৷ সেয়ে মাতৃ হোৱাৰ কথা ভৱাৰ পূৰ্বে এই ধৰণৰ চিকিৎসা কৰাই লোৱাটো ভাল৷
৫. বয়স ৩৯ বছৰ পাৰ হৈ গলে সেই মহিলাৰ তেজৰ এন আই পিটি টেষ্ট কৰি লোৱা হয়৷ তাতেই ৯৯ শতাংশ ক্ষেত্ৰত গম পোৱা যায় যে শিশুৰ ডাউন চিণ্ড্ৰোম হব পাৰে নেকি৷
ইয়াৰোপৰি বেছি বয়সত মাতৃ হোৱাৰ পৰিকল্পনা কৰিলে প্ৰি কনছেপছনেল কাউন্সেলিং খুবেই জৰুৰী৷ ভাৰতত এই ধাৰণে পূৰ্বে কম আছিল যদিও এতিয়া বাঢ়িছে৷ সেইক্ষেত্ৰত পূৰ্বে আলট্ৰাচাউণ্ড আৰু এ এম আই এছ পৰীক্ষা কৰি লোৱাটো ভাল৷ স্বাভাৱিকভাৱে মাতৃ হোৱাটো সম্ভৱনে তাতেই বুজিব পাৰি৷ ইয়াৰোপৰি এই পৰীক্ষাতেই বুজা যায় সন্তান ধাৰণ আৰু প্ৰসৱৰ সময়ত কোনো জটিলতা আহিব পাৰে নেকি৷ উচ্চ ৰক্তচাপ, ডায়বেটিছ, থাইৰয়েড আছেনে তাৰো পৰীক্ষা কৰোৱাটো জৰুৰী৷ হাৰ্টৰ সমস্যা থাকিলেও মাতৃ হব পাৰে৷ সেয়ে পূৰ্বেই শাৰীৰিক পৰীক্ষা কৰিহে মাতৃ হোৱাৰ দিশে আগবাঢ়িব লাগে এগৰাকী নাৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















