কাইলৈ বিয়া, পাছে মেহেন্দি অনুষ্ঠানত দেখা নগ’ল মাতৃ-ভাতৃক, বিয়াত উপস্থিত থাকিব নে
কাইলৈ বলীউডৰ ডবং গাৰ্ল সোনাক্ষিৰ বিয়া। বিয়াক লৈ এতিয়া গৰম বলীউড। কোন কোন অতিথি উপস্থিত থাকিব বিয়াত তাকে লৈ গুজৱ। কালি অভিনেত্ৰীগৰাকীৰ মেহেন্দী পৰ্বও হৈ যায়। বৰ্তমানে সেই অনুষ্ঠানৰ ফটো বিয়পি পৰিছে সামাজিক মাধ্যমত।
হ’বলগীয়া স্বামী জহীৰ ইকবালৰ সৈতে সোনাক্ষীৰ মেহেন্দীৰ ফটো ইনষ্টাগ্ৰামত দেখিবলৈ পোৱা যায়। পাছে সেই ফটোত দেখা নাযায় অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ কোনো সদস্যকে। মাতৃ তথা ভাতৃ কোনো এজনকে দেখা নাযায় সেই মেহেন্দী অনুষ্ঠানত।
মাতৃ পুনম সিন্হা তথা দুই ভাতৃ- লৱ আৰু কুশ কোনো এজনকে দেখা পোৱা নাযায়। অৱশ্যে পিতৃ শত্ৰুঘ্ন সিন্হাক দেখা যায় মৰমৰ কন্যা সোনাক্ষীৰ মেহেন্দী পৰ্বত।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কিছুমান ভিডিঅ’ ওলাইছিল। সেই ভিডিঅ’বোৰত দেখা গৈছিল শত্ৰুঘ্ন সিনহাক তেওঁৰ হ’বলগীয়া জোঁৱাই জহীৰ ইকবালৰ সৈতে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে প্ৰবীণ অভিনেতাগৰাকীয়ে কন্যাৰ হবলগীয়া শহুৰেকৰ ঘৰত উপস্থিত হৈছিল।
সেই ভিডিঅত দেখা অনুসাৰে শহুৰ শত্ৰুঘ্ন আৰু জোঁৱাই জহীৰ ইকবালৰ মাজৰ ভাল সম্পৰ্ক। দুয়োৰে মাজত থকা বন্ধনৰ পৰা স্পষ্ট হৈ পৰিছিল যে শত্ৰুঘ্ন সিনহা কন্যাৰ সুখত সুখী। ইয়াৰ উপৰিও তেওঁ নিজৰ কন্যাক লৈ গৌৰৱান্বিত বুলিও এক বিবৃতিত কৈছিল।
যিহেতু সোনাক্ষী মাতৃ পুনম সিন্হাক অনুষ্ঠানটোত দেখা পোৱা নাযায়, সেয়েহে জল্পনা-কল্পনা কৰা হৈছে যে হয়তো তেওঁ এই বিবাহক লৈ সুখী নহয়। দুয়োজন ভাতৃ লৱ আৰু কুশ এই অনুষ্ঠানৰ পৰা আঁতৰত থকাৰ বিপৰীতে সোণাক্ষী আৰু জহীৰৰ বিয়ালৈ মাত্ৰ এদিন বাকী আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ