অসম লাইভ ২৪ঃ দীর্ঘদিনীয়া লকডাউনৰ পাছত লাহে লাহে স্বাভাৱিক হ’বলৈ ধৰিছে বিশ্বৰ পৰিস্থিতি। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলাৰ লগতে বিভিন্ন দেশত খুলিছে জিমসমূহো। লণ্ডনত স্বামী আনন্দ আহুজাৰ সৈতে বলীউড অভিনেত্ৰী সোনম কাপুৰে পুনৰ জিমত যোগদান কৰিছে। নিজৰ ফিটনেছ অটুট ৰাখিবলৈ জিমত জইন কৰি ইনষ্টাগ্ৰামত ফটো আপলোড কৰি সোনমে লিখিলে ‘মোৰ কোৱাৰেণ্টাইন শেষ হোৱাৰ প্ৰথম দিনাই ফিটনেছৰ বাবে জিমলৈ আহিছো।’ উল্লেখযোগ্য যে জুলাই মাহৰ আৰম্ভণিতে সোনম আৰু তেওঁৰ স্বামী আনন্দে দিল্লী আৰু মুম্বাইত প্ৰায় ৪ মাহ সময় কটাই লণ্ডনলৈ উভতি গৈ স্বামীৰ পৰিয়ালৰ সৈতে সময় কটাইছে। কিছুদিন পূর্বে সোনমৰ বিৰুদ্ধ লকডাউন ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছিল একাংশ অনুৰাগীয়ে। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে সোনমৰ বিৰুদ্ধে কৈছিল যে ১৪ দিনৰ কোৱাৰেণ্টাইন ভংগ কৰি সোনমে নিজৰ লগতে আনৰ জীৱনলৈ বিপদ মাতিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ