• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইয়াণ্ডাবু সন্ধিখন…

ইয়াণ্ডাবু সন্ধিখন…

5 years ago
কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

18 mins ago
শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

57 mins ago
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

5 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

5 hours ago
পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

6 hours ago
ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

6 hours ago
শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

7 hours ago
চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

24 hours ago
আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

1 day ago
ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

1 day ago
৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

1 day ago
লৰ্ডছৰ খেলপথাৰত ১ ৰান কৰিলেই ভংগ হ’ব ষ্টিভ স্মিথৰ অনন্য ৰেকৰ্ড

লৰ্ডছৰ খেলপথাৰত ১ ৰান কৰিলেই ভংগ হ’ব ষ্টিভ স্মিথৰ অনন্য ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ইয়াণ্ডাবু সন্ধিখন…

editor by editor
July 29, 2020 - Updated on September 3, 2020
in অসম, উত্তৰ-পূব, লেখা
0
ইয়াণ্ডাবু সন্ধিখন…
0
SHARES
781
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইয়াণ্ডাবু সন্ধিৰ বিষয়ে অসমৰ বেছিভাগ লোকেই কম-বেছি পৰিমাণে শুনিছে। আজিৰ তাৰিখতো সন্ধিখনক লৈ অসমৰ মানুহ কম-বেছি পৰিমাণে আৱেগিক হৈ উঠা দেখা যায়। অসম আৰু অসমীয়া জাতি কোনো এক দুৰ্যোগৰ সন্মুখীন হ’লে বা ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ দমন-বৈষম্যৰ বলি হ’লে জাতীয়তাবাদী শিবিৰৰ প্ৰবক্তাসকলে পোনেই সন্ধিখনৰ প্ৰসংগ অৱতাৰণা কৰে। উল্লেখ্য যে এই সন্ধিখন ইংৰাজী আৰু অসমীয়া ভাষাত লিখিত কেইবাখনো ইতিহাস বিষয়ক গ্ৰন্থত উপলব্ধ। শেহতীয়াকৈ বৈদ্যুতিন মাধ্যমতো সন্ধিখন পঢ়িবলৈ পোৱা যায়। আচৰিত কথাটো হ’ল, ইয়াণ্ডাবু সন্ধিখনক লৈ আৱেগিক হৈ পৰা অসমীয়া মানুহৰ বেছিভাগেই– এনেকি জাতীয়তাবাদী দল-সংগঠনৰ নেতা-কৰ্মীসকলেও সন্ধিখন সম্পূৰ্ণৰূপে পঢ়া নাই। এই আপাহতে সন্ধিখনৰ পূৰ্ণপাঠৰ অনুবাদ আগবঢ়োৱা হ’ল।

প্ৰথম অনুচ্ছেদঃ এটা পক্ষত মহামান্য ইষ্ট ইণ্ডিয়া কোম্পানী আৰু অন্যটো পক্ষত মহামহিম আভা (মান)ৰ ৰজা – এই দুইপক্ষৰ মাজত চিৰস্থায়ী শান্তি আৰু বন্ধুত্ব স্থাপন হৈছে।

দ্বিতীয় অনুচ্ছেদঃ মহামহিম মান ৰজাই ওচৰ-চুবুৰীয়া অসম ৰাজ্য আৰু অসমৰ তলতীয়া ৰাজ্য কাছাৰ তথা জয়ন্তীয়াৰ ওপৰত সকলো দাবী পৰিহাৰ কৰিছে। ভৱিষ্যতেও সেইবোৰত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব। মণিপুৰ সন্দৰ্ভত চুক্তি কৰা হয় যে গম্ভীৰ সিংহই নিজৰ ৰাজ্যলৈ উভতি আহিবলৈ ইচ্ছা কৰিলে মান ৰজাই তেওঁক মণিপুৰৰ ৰজা বুলি স্বীকৃতি দিব লাগিব।

তৃতীয় অনুচ্ছেদঃ দুটা মহান জাতিৰ মাজত ভৱিষ্যতে সংঘটিত হ’ব পৰা সীমা সম্পৰ্কীয় বিবাদ অন্ত পেলোৱাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে আৰাকান, ৰামৰি, চেডুবা আৰু চেণ্ডোৱে – এই চাৰিটা বিভাগক সামৰি জয় কৰা প্ৰদেশসমূহ নিজে ৰাখিব আৰু মহামহিম মান ৰজাই এইবোৰৰ ওপৰত থকা অধিকাৰ ত্যাগ কৰিব। এতিয়াৰপৰা দুই জাতিৰ মাজত সীমা হ’ব আৰাকান পৰ্বতমালা। এই বিভাজন ৰেখা সম্পৰ্কীয় কোনো মত পাৰ্থক্য থাকিলে দুয়োপক্ষই নিযুক্ত কৰা প্ৰতিনিধিৰ দ্বাৰা মীমাংসা কৰা হ’ব। দুয়োপক্ষৰ এনে প্ৰতিনিধি সমপৰ্যায়ৰ আৰু সমমৰ্যাদা সম্পন্ন হ’ব।

চতুৰ্থ অনুচ্ছেদঃ চালৱিন নদীক চিহ্নিত সীমাৰেখা হিচাবে গণ্য কৰি ব্ৰিটিছ চৰকাৰে বিজয় সাব্যস্ত কৰা য়েৰ, টেভয়, মেৰগ্নি আৰু টেন্জেৰিক প্ৰদেশ কেইখন মহামহিম মান ৰজাই ব্ৰিটিছ চৰকাৰলৈ হস্তান্তৰ কৰিব। সীমা সৰ্ম্পকীয় বিবাদ তিনি নম্বৰ অনুচ্ছেদৰ শেষৰ পিনে উল্লেখ থকাৰ দৰে মীমাংসা কৰা হ’ব।

পঞ্চম অনুচ্ছেদঃ দুই জাতিৰ মাজত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ অকৃত্ৰিম নিদৰ্শন স্বৰূপে আৰু ব্ৰিটিছ চৰকাৰক যুদ্ধৰ ক্ষতিপূৰণ হিচাবে মহামহিম মান ৰজাই এক কোটি টকা দিবলৈ সন্মতি প্ৰকাশ কৰিছে।

ষষ্ঠ অনুচ্ছেদঃ বৰ্তমানৰ যুদ্ধত ভাগ লোৱা বা ভাগ ল’বলৈ বাধ্য হোৱা কোনো দেশী বা বিদেশী লোকৰ ওপৰত এতিয়াৰপৰা কোনোধৰণৰ হাৰাশাস্তি চলোৱা নহ’ব।

সপ্তম অনুচ্ছেদঃ দুয়োখন চৰকাৰৰ মাজত শান্তি আৰু সম্প্ৰীতিৰ ভাব ক্ৰমাৎ বৃদ্ধিৰ বাবে পৰস্পৰৰ চৰকাৰত নিযুক্ত প্ৰতিনিধিয়ে ৫০ জনীয়া দেহৰক্ষী বাহিনী ৰাখিবলৈ বা মাটি ক্ৰয় কৰিবলৈ বা যোগ্য বাসগৃহ নিৰ্মান কৰিবলৈ অনুমতি প্ৰদান কৰাত সন্মতি দিয়া হয়। তদুপৰি, দুয়োটা চুক্তিবদ্ধ জাতিৰ মাজত পাৰস্পৰিক বাণিজ্য কৰাত সন্মতি দিয়া হয়।

অষ্টম অনুচ্ছেদঃ যুদ্ধৰ আগতে দুয়োখন চৰকাৰ বা প্ৰজাই আনৰ লগত লগোৱা ৰাজহুৱা আৰু ব্যক্তিগত সকলোবোৰ ঋণ স্বীকাৰ কৰি, যেন যুদ্ধ হোৱাই নাছিল এনে জ্ঞান কৰি পৰিশোধ কৰিব। দুয়োখন চৰকাৰে যুদ্ধৰ ফলত হোৱা পৰিস্থিতিৰ সুযোগ ল’বলৈ নিবিচাৰিব। জাতিসমূহৰ সাৰ্বজনীন আইন অনুসৰি এই চুক্তি কৰা হ’ল যে মহামহিম মান ৰজাৰ অধীনস্থ এলেকাত মৃত্যু বৰণ কৰা সকলো ব্ৰিটিছ প্ৰজাৰ সম্পত্তি আইনসংগত উত্তৰাধিকাৰী অবিহনে সেই এলেকাত থকা ব্ৰিটিছ দূত বা প্ৰতিনিধিৰ হাতলৈ হস্তান্তৰিত কৰিব আৰু তেওঁ ব্ৰিটিছ আইনৰ নীতি অনুসৰি তাৰ নিষ্পত্তি কৰিব। সেইদৰে, ব্ৰিটিছৰ অধীনস্থ এলেকাত মৃত্যু বৰণ কৰা মান প্ৰজাৰ সম্পত্তি মহামহিম মান ৰজাই সৰ্বোচ্চ ভাৰত চৰকাৰক দিয়া কৰ্তৃত্ব অনুসৰি নিযুক্ত কৰিবলগীয়া প্ৰতিনিধিৰ হাতত ন্যস্ত কৰিব।

নৱম অনুচ্ছেদঃ ব্ৰিটিছ বন্দৰত মান দেশৰ নৌ বা জাহাজৰপৰা যিবোৰ কৰ-কাটল লোৱা নহয়, তেনে কৰ-কাটল মান ৰজায়ো নল’ব। ব্ৰিটিছ জাহাজৰ সা-সম্পত্তি বা ৰাদাৰ মান দেশৰ বন্দৰত নমাব বা খুলিব নালাগিব আৰু কোম্পানীৰ চৰকাৰেও তাকেই কৰিব।

দশম অনুচ্ছেদঃ বৰ্তমানৰ যুদ্ধত ভাগ লোৱা ব্ৰিটিছ চৰকাৰৰ সৎ আৰু বিশ্বস্ত মিত্ৰ মহামহিম শ্যামদেশৰ ৰজা আৰু তেওঁৰ প্ৰজাবৃন্দকো যিমান দূৰ সম্ভৱ উল্লিখিত চুক্তিত সামৰি লোৱা হ’ব।

একাদশ অনুচ্ছেদঃ এই চুক্তি কতৃত্বশীল মান দেশৰ কৰ্তৃপক্ষই অনুমোদন জনোৱাৰ লগে লগে ইউৰোপীয় বা দেশীয়, আমেৰিকান বা অন্য বন্দী ব্ৰিটিছ প্ৰজাক ব্ৰিটিছ কমিচনাৰৰ হাতত প্ৰত্যাৰ্পণ কৰিব। এই চুক্তি ‘ৰাইট্ অনাৰেৱল গৱৰ্ণৰ জেনেৰেল ইন্ কাউন্সিল’-এ অনুমোদন জনাই চাৰি মাহৰ অথবা যিমান সম্ভৱ সিমান সময়ৰ ভিতৰত মহামহিম মান ৰজাক আৰু বংগদেশৰ পৰা মানদেশীয় বন্দীসকল আহি পোৱাৰ লগে লগে ব্ৰিটিছ কমিচনাৰসকলে বন্দীসকলক যথাবিহিতভাৱে প্ৰত্যাৰ্পণ কৰিব।

স্বাঃ লাৰ্জিন্ মি-অন্-জা উংঘি স্বাঃ আৰ্কিবল্ড্ কেম্পবেল্

(ছীল মোহৰ) টি চি ৰৰ্বাটচন

চিভিল কমিছনাৰ

স্বাঃ শ্বা গুম্ উন্ অট্বুন্ এইচ্ ৱাই চেদ্স্

কেপ্টেইন ৰয়েল নেভি

 

অতিৰিক্ত অনুচ্ছেদঃ ব্ৰিটিছ কমিচনাৰসকলে শান্তি প্ৰতিষ্ঠাৰ বাঞ্ছা কৰি অনুচ্ছেদটো ততালিকে বলৱৎ হোৱাটো মহামহিম মান ৰজাৰ পক্ষে অসুবিধাজনক হ’ব বুলি ভাবি নিম্ন উল্লিখিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্মত হৈছে। এই অনুচ্ছেদত লিখিত টকা কিস্তি হিচাবে আদায় দিব অৰ্থাৎ পঁচিশ লাখ টকা বা মুঠ টকাৰ এক চতুৰ্থাংশ দিয়াৰ লগে লগে সৈন্যবাহিনী ৰেংগুনলৈ গুচি যাব। আজিৰ তাৰিখৰপৰা এদিনৰ ভিতৰত ঠিক সেই পৰিমাণৰ কিস্তি দিয়াৰ লগে লগে সেনাবাহিনীয়ে মহামহিম মান ৰজাৰ ৰাজ্য এৰি গুচি যাব। বাকী টকা আজি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিৰপৰা দুবছৰৰ ভিতৰত বছৰেকীয়া কিস্তি হিচাবে মহামান্য ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ মান দেশ বা পেগুত থকা কন্সল বা ৰেছিডেণ্টৰ জৰিয়তে পৰিশোধ কৰিব।

এই চুক্তি কলিকতাৰ ফ’ৰ্ট উইলিয়ামত গৱৰ্ণৰ জেনেৰেল-ইন্-কাউন্সিলে ১৮২৬ চনৰ ১১ এপ্ৰিলৰ দিনা অনুমোদন কৰিলে।

স্বাঃ আমহাৰ্ষ্ট

কম্বাৰ মেৰে

জে এইচ হৰিংটন্

ডব্লিউ বি ৰেইলি

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assambritisheast india companyyandabo treaty
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?
Uncategorized

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

July 12, 2025
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
জীৱনশৈলী

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

July 12, 2025
পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

July 12, 2025
ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

July 12, 2025
Next Post
বলীউডত বিবাহিত অভিনেতাৰ ওপৰত নজৰ প্ৰিয়ংকা চোপ্ৰাৰ

বলীউডত বিবাহিত অভিনেতাৰ ওপৰত নজৰ প্ৰিয়ংকা চোপ্ৰাৰ

শিৱসাগৰ বিধানসভা সমষ্টিত কোন দলৰ প্ৰাৰ্থিত্ব প্ৰয়াসী কোন?

শিৱসাগৰ বিধানসভা সমষ্টিত কোন দলৰ প্ৰাৰ্থিত্ব প্ৰয়াসী কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.