নিজৰ স্বামী ৰাজা ৰঘুবংশীক তেওঁ হত্যা কৰা নাই৷ গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ সন্মুখত এই দাবী কৰিছে হানিমুনলৈ গৈ স্বামীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত সোনম ৰঘুবংশী৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি নিজকে নিৰ্দোষী বুলি দাবী সোনমৰ৷ ইয়াৰ সৈতে তেওঁ দাবী কৰিছে যে মেঘালয়ত তেওঁক অপহৰণো কৰা হৈছিল৷ অপহৰণকাৰীয়েই তেওঁক মেঘালয়ৰ পৰা গাজিয়াবাদত এৰি হৈছে৷ সোনমৰ দাবী যে তেওঁ হত্যাকাৰী নহয় তেওঁ এই ঘটনাৰ চিকাৰহে হৈছে৷
সোনমে দাবী কৰিছে যে অপহৰণকাৰীসকলে তেওঁক গাজিয়াবাদত এৰি যোৱাৰ পাছতেই সোনমে ফোন কৰিছিল ঘৰলৈ৷ ইয়াৰপাছতেই তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ মেঘালয়ত নিজৰ স্বামী ৰাজা ৰঘুবংশীক হত্যাক অভিযোগত তেওঁৰ পত্নী সোনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ অভিযোগ মতে নিজৰ প্ৰেমিকৰ সৈতে পৰকীয়াৰ সম্পৰ্কৰ বাবেই জোৰ কৰি স্বামীক মেঘালয়লৈ হানিমুনৰ বাবে লৈ গৈ হত্যা কৰিছে সোনমে৷
এই হত্যাকাণ্ডৰ অভিযোগত ইতিমধ্যেই সোনমৰ ওপৰিও তিনিজন ভাড়াতীয়া হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ৰাজ কুশৱাহা নামৰ সোনমৰ এগৰাকী প্ৰেমিকৰ নামো এই হত্যাকাণ্ডৰ সৈতে সাঙোৰ খাইছে৷ অৱশ্যে এই ঘটনাত নিজ কন্যা দায়ী নহয় বুলি দাবী কৰিছে সোনমৰ পিতৃ দেৱী সিঙে৷ প্ৰকৃত সত্য উদঘাটনত চিবিআই তদন্তৰ দাবী কৰিছে তেওঁ৷ অন্যহাতে নিহত ৰাজা ৰঘুবংশীৰ পৰিয়ালেও জনাইছে যে সোনমৰ মুখৰ পৰা তেওঁলোকে সকলোবোৰ শুনিব খুজিছে৷ দেওবাৰে নিশা উত্তৰপ্ৰদেশৰ এখন ধাবাৰ পৰা সোনমক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ